পাক সেনাৰ গুলীত কাশ্মীৰত পুনৰ নিহত ভাৰতীয় সেনা জোৱান

arm

সৌসিদিনা কাশ্মীৰৰ সীমান্তত  অসমৰ সাহসী সেনা জোৱান হৰধন চন্দ্ৰ ৰয়কে ধৰি ৫ জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছত আজি পুনৰ পাক সেনাৰ গুলীয়ে প্ৰাণ কাঢ়ি নিলে আন এজন সেনা জোৱানৰ।

শনিবাৰে দিনৰ প্ৰায় ১ বজাত কাশ্মীৰৰ নাওচেৰা ছেক্টৰৰ লাম নামৰ অঞ্চলটোত পাকিস্তানৰ সেনাই অপ্ৰৰোচিত ভাবে গুলীচালনা কৰাৰ ফলত ভাৰতীয় সেনাৰ হাবিলদাৰ পাটিল সংগ্ৰাম শিৱাজী শ্বহীদ হয়।

এই ঘটনাৰ পিছতে ভাৰতীয় সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিয়াত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।

উল্লেখ্য উত্তৰ কাশ্মীৰৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অলপতে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীত শ্বহীদ হৈছিল অসমৰ বীৰ জোৱান হাৰাধন চন্দ্ৰ ৰয়।

হাৰধন ৰয়ৰ ঘৰ ধুবুৰী জিলাৰ চাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধিপাৰাত।

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ সেনাই উত্তৰ কাশ্মীৰৰ কেইবা ঠাইতো গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ ফলত  ৪ জন ভাৰতীয় জোৱানৰ লগতে আন ৪ জন অসামৰিক লোকৰ মৃত্যু ঘটিছিল।

কাশ্মীৰৰ বাৰামুলাৰ নাম্বালা ছেক্টৰত পাক সেনাই অপ্ৰৰোচিতভাবে গুলীচালনা কৰাৰ ফলত দুজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটিছিল।

হাজী পীৰ ছেক্টৰত পাক সেনাৰ আক্ৰমণত মৃত্যু ঘটিছিল বিএছএফৰ এজন বিষয়াৰ।

হাজীপুৰ ছেক্টৰৰ আক্ৰমণৰ ঘটনাত এগৰাকী অসামৰিক মহিলাৰ মৃত্যু ঘটিছিল লগতে এজন সেনা জোৱানো শ্বহীদ হৈছিল।

একেদৰে বাৰামুলা জিলাৰ উৰি ছেক্টৰত দুজন অসামৰিক লোকৰ মৃত্যু ঘটিছিল।কামালকোটা ছেক্টৰত মৃত্যু ঘটিছিল আন এজন অসামৰিক লোকৰ।