Army Jawan Missing: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ পৰা ১৩ দিন ধৰি সন্ধানহীন দুই সেনা জোৱান

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত নিয়োজিত দুজন সেনা জোৱান ১৩ দিন ধৰি সন্ধানহীন আছে আৰু এতিয়াও তেওঁলোকৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাই।

বাতৰি অনুসৰি ২৮ মে’ৰ পৰা হৰেন্দ্ৰ নেগী আৰু প্ৰকাশ সিং ৰাণা নামৰ সেনা জোৱান দুজনৰ কোনো সন্ধান পোৱা নাই। অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ থাকলা চকীত জোৱান দুজন নিযুক্ত হৈ আছিল।

প্ৰকাশ সিং ৰাণা সন্ধাহীন হোৱাৰ খৱৰ যোৱা ২৯ মে’ত তেওঁৰ পত্নীয়ে লাভ কৰিছিল। সেনাৰ ফালৰ পৰা ফোন কৰি তেওঁক কোৱা হৈছিল যে ২৮ মে’ৰ পৰা প্ৰকাশৰ কোনো সন্ধান পোৱা নাই। যোৱা ৯ জুনত ফোন কৰি সেনাই দুয়োজন জোৱান নদীত পৰা বুলি সন্দেহ কৰাৰ কথা জানিবলৈ দিয়ে।

লগতে পঢ়ক: চেম্পিয়ন ৰিটাৰ্ণছ! পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস; অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয়

ইপিনে, হৰেন্দ্ৰ নেগীৰ পত্নী পুনমে তেওঁৰ স্বামী নদীত ডুব যোৱাৰ কথা বিশ্বাস কৰিব পৰা নাই। তেওঁৰ প্ৰশ্ন দুজনকৈ জোৱান নদীত ডুব গৈছিল যদি কোনেও লক্ষ্য কৰা নাছিল কিয়? হৰেন্দ্ৰ আৰু পুনমৰ এটি এবছৰীয়া কেঁচুৱা আছে।

সপ্তম গাড়োৱাল ৰাইফলছৰ জোৱান প্ৰকাশ ৰাণা উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ উখিমঠৰ বাসিন্দা আৰু বৰ্তমানে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ থাকলা চকীত নিয়োজিত হৈ আছিল।

জোৱানজন ১৩ দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত তেওঁৰ পত্নী মমতা, দুটি  সন্তান পুত্ৰ অনুজ(১০) আৰু কন্যা অনামিকা (৭) কে ধৰি পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে।