মহিলা কেপ্টেইনক চুমা খাই চাকৰি আৰু পেন্সন হেৰুৱালে সেনাৰ মেজৰ জেনেৰেলে

BIPINRAWAT

সেনা প্ৰধান বিপিন ৰাৱত। ফাইল ফটো।

নিজৰ কনিষ্ঠ মহিলা বিষয়াক বলপূৰ্বক চুমা খোৱাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ভাৰতীয় সেনাৰ এজন মেজৰ জেনেৰেল বৰ্খাস্তৰ সন্মুখীন হৈছে।

বিষয়াজনৰ বিৰুদ্ধে সেনাৰ আদালতত চলি থকা গোচৰটোৰ এই গুৰুত্বপূৰ্ণ ৰায়টো, যিটোত বিষয়াজনক দোষী সাব্যস্ত কৰাৰ লগতে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছিল, যোৱা ২০১৮ চনৰ ২৩ ডিচেম্বৰত প্ৰদান কৰা হৈছিল।

নিয়ম অনুসৰি উক্ত ৰায়টো কাৰ্য্যকৰী হ’বৰ বাবে সেনা প্ৰধানে অনুমোদন কৰিব লগীয়া হয়, যিটো সেনাপ্ৰধান বিপিন ৰাৱতে অলপতে স্বাক্ষৰ কৰি অনুমোদন কৰে।

আজি মেজৰ জেনেৰেলজনক তেওঁৰ বিৰুদ্ধে দিয়া এই ৰায়টোৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰা হয়।

“সেনাপ্ৰধানৰ সিদ্ধান্তটো মেজৰ জেনেৰেলজনক টু কৰ্পছ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এম জে এছ কাহলনৰ দ্বাৰা আজি জনোৱা হয়”, এ এন আই নামৰ সংবাদ প্ৰতিষ্ঠানটোত এজন সেনাৰ এজন বিষয়াৰ উদ্ধৃতি।

জছৱালক পেন্সনৰ পৰাও বঞ্চিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

দোষী সাব্যস্ত হোৱা জছৱালৰ অধিবক্তাই ৰায়টোক আৰু ইয়াৰ কাৰ্য্যকৰীকৰণক অবৈধ আখ্যা দি কয়, “মেজৰ জেনেৰেলজনক ক’ৰ্ট মাৰ্শ্বালৰ কাৰ্য্যবিৱৰণিটো আজিলৈকে দিয়া নহ’ল। তেওঁৰ ৰিভিউ এপ্লিকেইশ্যনো পৰি আছে। আৰু তৎসত্ত্বেও শাস্তিটো সেনাপ্ৰধান ৰাৱাতৰ দ্বাৰা নিশ্চিত কৰা হ’ল।”

সেনা আদালতৰ কাৰ্য্যবিৱৰণি অনুসৰি, মেজৰ জেনেৰেলজনে নাগালেণ্ডত অসম ৰাইফলছৰ ইন্সপেক্টৰ জেনেৰেল পদত থাকোতে, ২০১৬ চনৰ ১৯ অক্টোবৰত অভিযোগকাৰী মহিলা বিষয়াগৰাকীক নিজৰ আৱাসলৈ বিভাগীয় কামত মাতিছিল।

“বিভাগীয় কাম শেষ হোৱাৰ পিছত তেওঁ কেপ্টেইন মহিলাগৰাকীক বিদায় চুম্বন খুজিছিল আৰু তেওঁৰ গাল আৰু ওঁঠত চুমা দিবলৈ বল প্ৰয়োগ কৰিছিল,” আদালতৰ বিৱৰণিত প্ৰকাশ।

অভিযোগ মতে মহিলা বিষয়াগৰাকীক উক্ত ঘটনাৰ পিছতো সঘনে ফ’ন আৰু মেছেজযোগে হাৰাশাস্তি কৰিছিল জচৱালে।

যোৱা বছৰ ২৩ ডিচেম্বৰত দোষী সাব্যস্ত কৰি দিয়া ৰায়টোৰ পিছতে জছৱালে অভিযোগ অস্বীকাৰ কৰি কৈছিল যে তেওঁ সেনাৰ শীৰ্ষ মহলৰ খামখেয়ালিৰ বলি হৈছে।

জছৱালৰ বিৰুদ্ধে সেনা আইনৰ ৬৯ ধাৰাত বিচাৰ চলোৱা হৈছিল।