১০ হাজাৰ সেনা প্ৰত্যাহৰৰ ঘোষণাৰ পিছতে কাশ্মীৰত সেনাৰে একাধিক সংঘৰ্ষ উগ্ৰপন্থীৰ : নিহত ৩ সন্ত্ৰাসবাদী

47560658_303

কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি কালি কেন্দ্ৰই কাশ্মীৰৰ পৰা ১০ হাজাৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে(আজি) পুৱা সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত একাধিক সংঘৰ্ষ হৈছে।

সেনাৰে হোৱা একাধিক সংঘৰ্ষত মৃত্যু হৈছে তিনি সন্ত্ৰাসবাদী। আৰু উদ্ধাৰ কৰা হৈছে অস্ত্ৰশস্ত্ৰও।

সংবাদ প্ৰতিষ্ঠান এনআইএ-এ জন্মু আৰু কাশ্মীৰ আৰক্ষীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে বৃহস্পতিবাৰে পুৱা প্ৰথমটো সংঘৰ্ষ হয় কুলগামত।

গোপন সূত্ৰ পমখেদি কাশ্মীৰ আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই সেনাবাহিনীয়ে।

অভিযানত মুজাহিদীনৰ সন্ত্ৰাসবাদীৰ সৈতে যৌথ বাহিনীৰ গুলীয়াগুলী আৰম্ভ হয় আৰু এক জেহাদী সংঘৰ্ষস্থলীতে নিহত হোৱাৰ বিপৰীতে অন্য দুই সন্ত্ৰাসবাদীয়ে পলায়ন কৰে।

ইফালে হান্দৱাৰাত হোৱা আন এক সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ দুধৰ্ষ কামাণ্ডাৰ নাছিৰুদ্দিন লোনৰ সৈতে এক সতীৰ্থও সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছে।

এই নাছিৰুদ্দিন কেবাটাও কূটাঘাট আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে চলোৱাৰ অভিযানত অংশ লৈছিল। নাছিৰুদ্দিনে অংশ লোৱা পূৰ্বৰ দুটা পৃথক পৃথক আক্ৰমণত চিআৰপিএফৰ ৬ জনকৈ জোৱান শ্বহীদ হৈছিল।

উল্লেখ্য যে বিগত বৰ্ষত কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছত কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কেন্দ্ৰ চৰকাৰে কাশ্মীৰলৈ অতিৰিক্ত কেবাটাও নিৰাপত্তাৰক্ষীৰ কোম্পানী প্ৰেৰণ কৰিছিল।

ইয়াৰে ১০ হাজাৰ নিৰাপত্তাৰক্ষী কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব বুলি কালি ঘোষণা কৰিছিল কেন্দ্ৰই।

ইয়াৰ পিছতে কাশ্মীৰ উপত্যকাত আজি একাধিক সংঘৰ্ষৰ সৃষ্টি হৈছে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত।