সেনা বিষয়াৰ নিৰ্লজ্জ কাণ্ড : নিজৰ ভতিজীক ধৰ্ষণ কৰি হত্যা, ঘটনা গাপ দিয়াৰ চেষ্টা পত্নীৰ
তামিলনাডুৰ মাদুৰাইৰ এগৰাকী নাবালিকাক ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়াই যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
২২ মাৰ্চত সংঘটিত হৈছিল এই জঘণ্য কাণ্ড। জানিব পৰা মতে ১১ বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ পিতৃ-মাতৃৰ মৃত্যুৰ পিছত খুৰাক আৰু খুৰীয়েকৰ লগত বাস কৰিছিল।
সবিশেষ তথ্য অনুসৰি ২২ মাৰ্চত খুৰীয়েকে অচেতন অৱস্থাত নাবালিকাগৰাকীক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসকে নাবালিকাগৰাকীক মৃত বুলি ঘোষণা কৰে।
পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নিশ্চিত কৰা হয় যে মৃত্যুৰ আগত নাবালিকা গৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল আৰু নাবালিকাগৰাকী শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰিছিল।
গোচৰটোৰ তদন্তত আৰক্ষীয়ে জানিব পাৰে যে নাবালিকাগৰাকী খুৰাকৰ যৌন নিৰ্যাতনৰ বলি হৈছিল। নাবালিকা গৰাকীৰ লম্পট খুৰাক ভাৰতীয় সেনাৰ এগৰাকী বিষয়া।
আৰক্ষী সূত্ৰ অনুসৰি, খুৰীয়েকে যৌন নিৰ্যাতনৰ কথা জানিছিল যদিও ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল।
ইফালে আৰক্ষীয়ে POCSO আইনৰ অধীনত দম্পতীহালক গ্ৰেপ্তাৰ কৰিছে।