NORTHEAST NOW (Assamese)

আঁৰত পৰকীয়া! অৱশেষত বিবাহ বিচ্ছেদ হলীউদৰ কিংবদন্তি অভিনেতা আৰ্নল্ড শোয়াৰ্জনেগাৰৰ

December 30, 2021 7:25 pm · এন ই নাও নিউজ, গুৱাহাটী

 

প্ৰায় এটা দশক ধৰি পত্নীৰ সৈতে পৃথকে থকাৰ পাছত অৱশেষত আনুষ্ঠানিক বিবাহ বিচ্ছেদ ঘটিল ‘দ্য টাৰ্মিনেটৰ’ প্ৰসিদ্ধ হলীউদৰ কিংবদন্তি অভিনেতা আৰ্নল্ড শোয়েৰ্জনেগাৰৰ।

হলীউদৰ প্ৰখ্যাত একশ্যন হিৰো আনৰ্ল্ডে তেওঁৰ সাংবাদিক-লেখক পত্নী মাৰিয়া শ্ৰিভাৰ সৈতে তেওঁৰ ৩৫ বছৰীয়া বৈবাহিক সম্পৰ্কৰ যৱনিকা পেলালে।

অৱশ্যে ২০১১চনৰ মে’ত বিচ্ছেদ বিচাৰি পত্নী শ্ৰিভাৰে লছ এঞ্জেলছৰ এখন আদালতত আবেদন কৰিছিল। এই আবেদনৰ এটা দশকৰ পাছত যোৱা মঙলবাৰে তেওঁলোকৰ আনুষ্ঠানিক বিচ্ছেদ চূড়ান্ত হয়।

১৯৯৭ চনত আৰ্নল্ড শোয়েৰ্জনেগাৰৰ তেওঁলোকৰ ঘৰৰ পৰিচাৰিকা মাইলড্ৰেড পেটি বাইনাৰ পৰকীয়া সম্পৰ্ক গঢ়ি উঠিছিল। এই নাৰীগৰাকীৰ সৈতে অভিনেতাগৰাকীৰ যোচেফ বাইনা নামৰ এটি সন্তানো আছে।

২০১১ চনত এই কথা পোহৰলৈ অহাৰ পাছতে পত্নী মাৰিয়া শ্ৰিভাৰে আৰ্নল্ড শোয়েৰ্জনেগাৰৰ পৰা পৃথকে থাকিবলৈ লৈছিল।

আৰ্নল্ড শোয়েৰ্জনেগাৰৰ ইতিমধ্যে তেওঁৰ পৰকীয়া সম্পৰ্কৰ কথা স্বীকাৰ কৰি পৰিয়াল, বন্ধু-বান্ধৱৰ ওচৰত দুখো প্ৰকাশ কৰিছিল।   

উল্লেখ্য যে প্ৰায় এটা দশক পূৰ্বৰে পৰা চিনাকিৰ পাছত আৰ্নল্ড শোয়েৰ্জনেগাৰ আৰু মাৰিয়া শ্ৰিভাৰৰ বিবাহ হৈছিল ১৯৮৬ চনত। ১৯৭৭ চনত এখন টেনিছ খেলৰ অনুষ্ঠানত পৰিচয় ঘটাৰ পাছত দুয়োৱে ৯বছৰ ধৰি প্ৰেমত মজিছিল।

১৯৮৯চনৰ পৰা ১৯৯৭ চনৰ ভিতৰত তেওঁলোকৰ চাৰিটা সন্তানৰ জন্ম হয়। তাৰ পাছতো ২০০৩চনৰ পৰা ২০১১ চনলৈ আৰ্নল্ড শোয়েৰ্জনেগাৰৰ দুবাৰকৈ কেলিফ’ৰ্ণিয়াৰ গৱৰ্ণৰ হিচাপে দায়িত্ব পালন কৰিছিল। তেতিয়ালৈকে পত্নী মাৰিয়াৰ সৈতে তেওঁৰ সম্পৰ্ক ভালেই আছিল।

কিন্তু ঘৰৰ পৰিচাৰিকাগৰাকীৰ সৈতে বিবাহ বহিৰ্ভুত সম্পৰ্কৰ কথা আৰ্নল্ড শোয়েৰ্জনেগাৰে স্বাকীৰ কৰাৰ পাছতেই পত্নীৰ সৈতে তেওঁৰ সম্পৰ্কত ঘূণে ধৰে।    

Related News