DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আঁৰত পৰকীয়া! অৱশেষত বিবাহ বিচ্ছেদ হলীউদৰ কিংবদন্তি অভিনেতা আৰ্নল্ড শোয়াৰ্জনেগাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2021 7:25 pm
arnold-schwarzenegger
185
VIEWS
Share on FacebookShare on Twitter

 

প্ৰায় এটা দশক ধৰি পত্নীৰ সৈতে পৃথকে থকাৰ পাছত অৱশেষত আনুষ্ঠানিক বিবাহ বিচ্ছেদ ঘটিল ‘দ্য টাৰ্মিনেটৰ’ প্ৰসিদ্ধ হলীউদৰ কিংবদন্তি অভিনেতা আৰ্নল্ড শোয়েৰ্জনেগাৰৰ।

হলীউদৰ প্ৰখ্যাত একশ্যন হিৰো আনৰ্ল্ডে তেওঁৰ সাংবাদিক-লেখক পত্নী মাৰিয়া শ্ৰিভাৰ সৈতে তেওঁৰ ৩৫ বছৰীয়া বৈবাহিক সম্পৰ্কৰ যৱনিকা পেলালে।

অৱশ্যে ২০১১চনৰ মে’ত বিচ্ছেদ বিচাৰি পত্নী শ্ৰিভাৰে লছ এঞ্জেলছৰ এখন আদালতত আবেদন কৰিছিল। এই আবেদনৰ এটা দশকৰ পাছত যোৱা মঙলবাৰে তেওঁলোকৰ আনুষ্ঠানিক বিচ্ছেদ চূড়ান্ত হয়।

১৯৯৭ চনত আৰ্নল্ড শোয়েৰ্জনেগাৰৰ তেওঁলোকৰ ঘৰৰ পৰিচাৰিকা মাইলড্ৰেড পেটি বাইনাৰ পৰকীয়া সম্পৰ্ক গঢ়ি উঠিছিল। এই নাৰীগৰাকীৰ সৈতে অভিনেতাগৰাকীৰ যোচেফ বাইনা নামৰ এটি সন্তানো আছে।

২০১১ চনত এই কথা পোহৰলৈ অহাৰ পাছতে পত্নী মাৰিয়া শ্ৰিভাৰে আৰ্নল্ড শোয়েৰ্জনেগাৰৰ পৰা পৃথকে থাকিবলৈ লৈছিল।

আৰ্নল্ড শোয়েৰ্জনেগাৰৰ ইতিমধ্যে তেওঁৰ পৰকীয়া সম্পৰ্কৰ কথা স্বীকাৰ কৰি পৰিয়াল, বন্ধু-বান্ধৱৰ ওচৰত দুখো প্ৰকাশ কৰিছিল।   

উল্লেখ্য যে প্ৰায় এটা দশক পূৰ্বৰে পৰা চিনাকিৰ পাছত আৰ্নল্ড শোয়েৰ্জনেগাৰ আৰু মাৰিয়া শ্ৰিভাৰৰ বিবাহ হৈছিল ১৯৮৬ চনত। ১৯৭৭ চনত এখন টেনিছ খেলৰ অনুষ্ঠানত পৰিচয় ঘটাৰ পাছত দুয়োৱে ৯বছৰ ধৰি প্ৰেমত মজিছিল।

১৯৮৯চনৰ পৰা ১৯৯৭ চনৰ ভিতৰত তেওঁলোকৰ চাৰিটা সন্তানৰ জন্ম হয়। তাৰ পাছতো ২০০৩চনৰ পৰা ২০১১ চনলৈ আৰ্নল্ড শোয়েৰ্জনেগাৰৰ দুবাৰকৈ কেলিফ’ৰ্ণিয়াৰ গৱৰ্ণৰ হিচাপে দায়িত্ব পালন কৰিছিল। তেতিয়ালৈকে পত্নী মাৰিয়াৰ সৈতে তেওঁৰ সম্পৰ্ক ভালেই আছিল।

কিন্তু ঘৰৰ পৰিচাৰিকাগৰাকীৰ সৈতে বিবাহ বহিৰ্ভুত সম্পৰ্কৰ কথা আৰ্নল্ড শোয়েৰ্জনেগাৰে স্বাকীৰ কৰাৰ পাছতেই পত্নীৰ সৈতে তেওঁৰ সম্পৰ্কত ঘূণে ধৰে।    

Recent News

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Salman Rushdie

নিউয়ৰ্কত চুৰিকাঘাত প্ৰখ্যাত লেখক চলমান ৰুশ্বডিক

Assam Terrorist

অসমত ধৰ্মীয় সন্ত্ৰাসবাদীৰ ঘাটি

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

টীয়কত বিভিন্ন কাৰ্যালয় , বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd