ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১০০ শিক্ষাৰ্থী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Assam student in Ukraine

ৰাছিয়াই আজি পুৱা অতৰ্কিতে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত দেশখনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিক সকলক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত।

অসমৰো প্ৰায় ১০০ জন শিক্ষাৰ্থী এই মুহূৰ্তত ইউক্ৰেইনত আৱদ্ধ হৈ আছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ সৈতে আলোচনা কৰা হৈছে বুলি জানিবলৈ দিছে। তেওঁ লগতে ইউক্ৰেইনত থকা আন ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলকো ভাৰতীয় দূতাবাসে দেশলৈ ঘূৰাই আনিব বুলি সদৰি কৰে।

“আমি ইউক্ৰেইনত অসমৰ শিক্ষাৰ্থীসকল আবদ্ধ হৈ থকা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও আলোচনা কৰিছো আৰু এই বিষয়ে অৱগত কৰিছো।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

ইতিপূৰ্বে ভাৰতে ৰাছিয়াৰ সম্ভাব্য ইউক্ৰেইন আক্ৰমণৰ জল্পনা-কল্পনা চলি থকাৰ সময়তে ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিক সকলক দেশলৈ প্ৰত্যাৱৰ্তনৰ পৰামৰ্শ দিছিল।

আনহাতে আজি পুৱা ইউক্ৰেইনৰ পৰা ছাত্ৰ-ছাত্ৰীসহ ১৮২ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা এখন বিশেষ বিমান ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

ইউক্ৰেনৰ পৰা ভাৰতীয় নাগৰিক সকলক ঘূৰাই অনাৰ বাবে এয়াৰ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত এইখন দ্বিতীয় বিমান আছিল।

ইয়াৰ পূৰ্বে ২২ ফেব্ৰুৱাৰীত প্ৰথম খন বিমানে প্ৰায় ২৪০ জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিছিল।

উল্লেখ্য যে ১৯ ফেব্ৰুৱাৰীত এয়াৰ ইণ্ডিয়াই ২২, ২৪ আৰু ২৬ ফেব্ৰুৱাৰীত ভাৰত আৰু ইউক্ৰেইনৰ মাজত তিনিখন বিমানৰ চলাচল কৰিব বুলি ঘোষণা কৰিছিল।