স্বস্তি! বিধ্বংসী বানত বিপৰ্যস্ত ছিকিমৰ পৰা আহি ৰাজ্যত উপস্থিত হৈছে প্ৰায় ১৩০ জন শিক্ষাৰ্থী

অসমৰ পৰা ছিকিমত অধ্যয়ন কৰিবলৈ যোৱা প্ৰায় ১৩০ জন ছাত্ৰ-ছাত্ৰী ৰাজ্যখনত আহি উপস্থিত হৈছে।

সোমবাৰে (০৯ অক্টোবৰ) পুৱা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ নেতৃত্বত অসম চৰকাৰৰ চৰকাৰী বিষয়াৰ এটা দলে ছিকিমৰ পৰা এইসকল অসম ছাত্ৰ-ছাত্ৰীক তাৰ পৰা উলিয়াই আনিছে।

লগতে পঢ়কঃ ‘উত্তৰ-পূবতো হ’ব পাৰে ছিকিমৰ দৰে পৰিস্থিতি’-সকীয়ালে পদ্মশ্ৰী যাদৱ পায়েঙে

দেওবাৰে প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্য ছিকিমৰ পৰা অসমৰ ১৪২ জন ছাত্ৰ-ছাত্ৰীক উলিয়াই অনা হয়।

উল্লেখ্য যে ৪ অক্টোবৰত হ্ৰদ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক প্ৰলয়ংকাৰী বানত ছিকিমত আৱদ্ধ হৈ পৰিছিল অসমৰ প্ৰায় ১৬০ জন ছাত্ৰ-ছাত্ৰী।

লগতে পঢ়কঃ পাঁচ ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ; আজি ভোটদানৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে

ইপিনে, ছিকিমত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ জনলৈ বৃদ্ধি পাইছে।