সত্য হ’ল বিজ্ঞানীৰ আশংকা! ৰাছিয়াৰ ভেকচিনত দেখা দিছে পাৰ্শ্বক্ৰিয়া

Vaccination

ৰাছিয়াই প্ৰস্তুত কৰি উলিওৱা কোভিড ভেকচিন ‘স্পুটনিক-ভি’ প্ৰয়োগৰ ফলত স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বক্ৰিয়া দেখা দিছে।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে এই কথা সদৰী কৰিছে।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী মিখাইল মুৰাছকোই জানিবলৈ দিয়ে যে নিৰ্বাচিত ৪০হাজাৰৰ ভিতৰত তিনিশতকৈ অলপ বেছি স্বেচ্ছাসেৱকৰ শৰীৰত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হয়।

২৪ ঘন্টাৰ পাছত তেওঁলোকৰ ১৪ শতাংশৰ মাজত শাৰীৰিক দুৰ্বলতা, পেশীৰ যন্ত্ৰণা তথা শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ দৰে সমস্যা দেখা দিয়ে।

অৱশ্যে, এনে উপসৰ্গৰ কথা ভেকচিন দিয়াৰ নিৰ্দেশৰ পূৰ্বেই উল্লেখ কৰা হৈছিল বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

স্বেচ্ছাসেৱকসকলক প্ৰথম ইঞ্জেকশ্যন দিয়াৰ ২১দিন পাছত ইয়াৰ দ্বিতীয় পালি ইনজেক্ট কৰা হ’ব বুলি কোৱা হৈছে।

যোৱা আগষ্ট মাহত ক্লিনিকেল ট্ৰায়েল আৰম্ভ হোৱাৰ পূৰ্বেই ৰাছিয়াৰ চৰকাৰে স্পুটনিক-ভি’ক বিশ্বৰ প্ৰথমটো কোভিড-১৯ ভেকচিন হিচাপে অনুমোদন দিছিল।

ছেপ্টেম্বৰ মাহৰ পৰাই মস্কোত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ হ’ব যদিও বিজ্ঞানীসকলে ভেকচিনৰ সুৰক্ষাজনিত তথা স্থায়িত্ব সম্পৰ্কত সতৰ্ক কৰি দিছে।

ভাৰতৰ ফাৰ্মাচিউটিকেল সংস্থা ডাঃ ৰেড্ডী’ছ লেব’ৰটেৰিজৰ সৈতে ৰাছিয়াৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল তথা সৰবৰাহৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।

অৱশ্যে, ইয়াৰ পূৰ্বে ডিচিজিআইৰ পৰা ট্ৰায়েলৰ অনুমতি লাভ কৰিব লাগিব। আনহাতে, আইচিএমআৰেও গোটেই বিষয়টো পৰীক্ষা কৰি আছে।