• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানৰ ২৫খন লোকসভাৰ আসনত কঁপিছে বিজেপিৰ ভেটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2024 12:39 pm
168
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচনৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজস্থানৰ বাঁশয়াড়াত দিয়া ভাষণে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিৰোধী ৰাজনৈতিক শিবিৰৰ মতে, ৰাজ্যখনৰ জাতিগত পৰ্যায়ৰ অসন্তুষ্টিৰ পৰা ভোটাৰক আঁতৰাই নিবলৈ প্ৰধানমন্ত্ৰীয়ে আংশিকভাৱে মেৰুকৰণৰ আশ্ৰয় লৈছে। ৰাজস্থানৰ প্ৰথম পৰ্যায়ত ১২টা লোকসভা সমষ্টিত ৬০ শতাংশতকৈ অধিক ভোটদান কৰা হোৱা নাছিল।কালি দ্বিতীয় পৰ্যায়ত বাকী ১৩টা সমষ্টিৰ ভোটদানৰ হাৰ যেনে-তেনে ৬০ শতাংশ অতিক্ৰম কৰে।

এই কম ভোটাৰৰ ভোটদান বিজেপিৰ বাবে এটা চিন্তাৰ বিষয়। অৱশেষত কোনটোৱে নিৰ্বাচনত অধিক প্ৰভাৱ পেলাব সেয়া স্পষ্ট নহয় – জাতি পৰ্যায়ৰ ক্ষোভ নে বিজেপিৰ মেৰুকৰণৰ ৰাজনীতি। যোৱাবাৰ ৰাজস্থানত বিজেপিয়ে ২৫খন আসন পাইছিল।বিৰোধী ৰাজনৈতিক শিবিৰৰ মতে, সেই ফলাফল ধৰি ৰখাটোৱেই এইবাৰ বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

ক্ষমতাশালী আৰু দাবীদাৰ জাটসকলৰ ক্ষোভ এইবাৰ ৰাজস্থানৰ নিৰ্বাচনত আটাইতকৈ ডাঙৰ বিষয়। কৃষকৰ প্ৰতিবাদৰ পৰা আৰম্ভ কৰি মল্লযুঁজাৰু আন্দোলনলৈকে— কেন্দ্ৰৰ বিৰুদ্ধে জাটসকলৰ অসন্তুষ্টিৰ এক বৃহৎ অংশ আছিল। জাট ভোট আকৰ্ষণ কৰিবলৈ বিজেপিত এতিয়ালৈকে সৰ্ববৃহৎ ভূমিকা পালন কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই। কিন্তু দলটোৱে তেওঁক কিছু নিলগাই ৰখাৰ বাবে জাট ভোট কংগ্ৰেছলৈ ঘূৰি অহাৰ সন্দেহ ব্যক্ত কৰিছে। চুৰু, ঝুনঝুনুৰ দৰে একাংশ সমষ্টিত জাট প্ৰাৰ্থীৰ মাজত পোনপটীয়া যুঁজ হয়। স্থানীয় লোকে ভাবে যে ইয়াৰ দ্বাৰা কংগ্ৰেছৰ পোনপটীয়া লাভ হ’ব।

ৰাজস্থানৰ সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত ৰাজপুত সম্প্ৰদায়ে বেছিভাগেই বিজেপিক সমৰ্থন আগবঢ়াইছে। বসুন্ধৰা ৰাজে নিজৰ ৰাজহুৱা সভা আৰম্ভ কৰিছিল ‘ৰাজপুতৰ কন্যা’ আৰু ‘জাট পৰিয়ালৰ বোৱাৰী’ বুলি পৰিচয় দি। ২০১৮ চনত বিভিন্ন কাৰণত বসুন্ধৰাৰ ওপৰত ক্ষুব্ধ ৰাজপুতসকলে বিজেপিৰ পৰা আঁতৰি আহিছিল। ৰাজপুত সভাৰ বৈঠকত বিধানসভা নিৰ্বাচনত বিজেপি পৰাজিত হ’ব লাগে বুলি সিদ্ধান্ত লয়। ইয়াৰ সম্পূৰ্ণ প্ৰতিফলন নিৰ্বাচনৰ ফলাফলত দেখা গ’ল। এইবাৰ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱট আৰু ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীৰ সৈতে ৰাজপুত সমাজৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। অৱশ্যে আন এজন কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই নিৰ্বাচনৰ পূৰ্বে কয় যে গুজৰাটৰ ৰাজপুত আৰু ক্ষত্ৰিয়ই নিজৰ স্বাৰ্থৰ বাবে বাহিৰৰ লোকৰ সৈতে ‘ৰুটি-বেটি’ (বাণিজ্য-বিবাহ) সম্পৰ্ক ৰাখিছিল। সেই মন্তব্যৰ পাছত ৰাজপুত সমাজ ইমানেই ক্ষুব্ধ হৈ পৰিছে যে বাৰে বাৰে ক্ষমা বিচৰাৰ পাছতো ৰূপালা আৰু বিজেপি নেতৃত্বই ক্ষোভ লাঘৱ কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষোভৰ ফল ৰাজস্থান লোকসভা নিৰ্বাচনতো প্ৰকাশ হ’ব বুলি আশংকা কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd