এখন গাঁৱত বিষ খুৱাই হত্যা কৰা হৈছে ৩০০ কুকুৰ! ঘটনাত সৰৱ প্ৰাণী অধিকাৰ কৰ্মীয়ে তৰিলে গোচৰ

whatsapp-image-2021-08-02-at-11.40.41-am-202108663686_202108228427

প্ৰতিনিধিত্বমূলক ফটো।

বিষ খুৱাই ৩০০টা কুকুৰক হত্যা কৰাৰ এক অভিযোগৰ ঘটনাই চকু কপালত তুলিছে পশুপ্ৰেমীৰ। অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা।

এই ঘটনাৰ পাছতে এগৰাকী প্ৰাণী অধিকাৰ কৰ্মীয়ে সৰৱ হৈ পৰে আৰু আৰক্ষীৰ কাষ চপাৰ পাছতে ঘটনাটো পোহৰলৈ আহে। তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

বাতৰি অনুসৰি ৰাজ্যখনৰ গোদাবৰী জিলাৰ লিংগাপালেম গাঁৱত ৩০০টাকৈ গৰাকীবিহীন কুকুৰক বিষ খুৱাই হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে।

প্ৰাণী অধিকাৰ কৰ্মী ললিতাই কুকুৰবোৰক হত্যাৰ বাবে গাঁও পঞ্চায়তৰ পিনে অভিযোগৰ আঙুলি টোৱাইছে।

ললিতাৰ দাবী যে গৰাকীবিহীন এই কুকুৰবোৰক বন্ধ্যাকৰণ নকৰি গাঁও পঞ্চায়তখনে মাৰি পেলোৱাৰ সিদ্ধান্ত লয় আৰু বিষ খুৱাই সেইবোৰক হত্যা কৰে।

প্ৰাণী অধিকাৰ কৰ্মী গৰাকীয়ে ধৰ্মাজিগুম থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত গাঁও পঞ্চায়তখনৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।