• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষানুষ্ঠানত বৃহৎ যৌন কেলেংকাৰী : ইছলামিয়া ইউনিভাৰ্চিটিৰ পৰা ভাইৰেল হৈছে ৫,৫০০ টা অশ্লীল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 8:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোহৰলৈ আহিছে পাকিস্তানৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ যৌন কেলেংকাৰী। পাকিস্তানৰ বিখ্যাত শিক্ষানুষ্ঠান ইছলামিয়া ইউনিভাৰ্চিটি বাহাৱালপুৰৰ পৰা প্ৰায় ৫৫০০ পৰ্ণগ্ৰাফিক ভিডিঅ’ ভাইৰেল হৈছে। বিভিন্ন পৰ্ণ চাইটত আপলোড কৰা হৈছে হাজাৰ হাজাৰ যুৱতী-মহিলাৰ অশ্লীল ফটো আৰু ভিডিঅ’।

কেৱল এয়াই নহয়। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় চৌহদতে যৌন শোষণৰ অভিযোগো উত্থাপন হৈছে। সমগ্ৰ ঘটনাটো আৰক্ষীৰ বিশেষ প্ৰতিবেদনত স্বীকাৰ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ এই ঘটনাই সমগ্ৰ সমাজখনকে জোকাৰি যাব বুলিও কোৱা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ তদন্ত অনুসৰি বিশ্ববিদ্যালয় খনত এজন কোষাধ্যক্ষ আছে। যিজনে মেথ আৰু কামোদ্দীপক ঔষধ ৰাখে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দেশখনৰ খহাৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষীৰ মুৰব্বীৰ ফোনতো ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ যৌন কাৰ্যকলাপৰ ভিডিঅ’ সংৰক্ষণ কৰা হৈছে। 

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি বিশ্ববিদ্যালয়খনৰ কেইবাজনো উচ্চ পদস্থ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি তেওঁলোকে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল। তেওঁলোকে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক সেই ভিডিঅ’ দেখুৱাই ব্লেকমেইল কৰিছিল।

পাকিস্তানৰ ডন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি কোষাধ্যক্ষজনে ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ড্ৰাগছ ক্ৰয়-বিক্ৰয় কৰিছিল। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে বিশেষ নৃত্য আৰু যৌন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। 

ইছলামিয়া বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি এনে অবৈধ কাৰ্যকলাপ চলি আছিল বুলিও আৰক্ষীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 

মূলতঃ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকল এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক এই অনৈতিক কাৰ্যকলাপত নিয়োগ কৰে কোষাধ্যক্ষ আৰু উচ্চপদস্থ বিষয়া সকলে।

ইতিমধ্যে আৰক্ষীৰ তদন্তৰ লগে লগে অধিক ৰহস্য উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনৰ আচাৰ্যই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠনৰ দাবী জনাইছে। 

আনহাতে, সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে ইছলামিয়া ইউনিভাৰ্চিটি বাহাৱালপুত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে। এই কমিটীখনত তিনিজন উপাচাৰ্য আৰু নিৰাপত্তা সংস্থাৰ বিষয়া আছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd