গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০ শতাংশ ভোটদান; মহিলা ভোটদাতাৰ সংখ্যা অধিক গোলাঘাটত

ভোটদান প্ৰক্ৰিয়া সফলভাৱে সমাধান হোৱাত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ

IMG_20210

ফটো : নৰ্থইষ্ট নাও।

ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫নং গোলাঘাট আৰু ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ বাবে শনিবাৰে হোৱা ভোটগ্ৰহণত ২,৭৫,৬৭০ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে।

ইয়াৰে ১,৩৮,৫৫৫ গৰাকী পুৰুষ আৰু ১,৩৭,১১৫গৰাকী মহিলা ভোটদাতা।

নিৰ্বাচন জিলাখনত মুঠ ভোটদানৰ হাৰ আছিল ৭৯.৬১ শতাংশ। জিলাখনত পুৰুষ ভোটদাতাৰ হাৰ ৮০.১৪ শতাংশ আৰু মহিলা ভোটদাতাৰ হাৰ ৭৯.০৮শতাংশ।

গোলাঘাট সমষ্টিত ৭৮.০২ শতাংশ ভোটদান হয়। গোলাঘাটত মুঠ ১,৬০,০৯১ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে।

ইয়াৰে ৭,৯৯৬২ ( ৭৮%)গৰাকী পুৰুষ আৰু ৮০,১২৯(৭৮.০৪)গৰাকী মহিলা ভোটদাতা। সমষ্টিটোত মহিলা ভোটদাতাৰ সংখ্যা পুৰুষতকৈ অধিক।

সমষ্টিটোৰ ১২৩ নম্বৰ বালিজান হাইস্কুলত সৰ্বাধিক ৮৭শতাংশ ভোটদান হয় ।

আনহাতে, খুমটাই সমষ্টিত ১,১৫,৫৭৯গৰাকী ভোটদাতাই ভোট দিয়ে। সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৯২শতাংশ।

ইয়াৰে ৫,৮৫৯৩ (৮৩.২৫%) গৰাকী ভোটদাতা পুৰুষ আৰু ৫,৬৯৮৬ (৮০.৫৯%) গৰাকী মহিলা ভোটদাতা। গোলাঘাটৰ বালিজান হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ৮৭ শতাংশ ভোটদাতাই ভোটদান কৰে।

আনহাতে, খুমটাইৰ ১৪২ নম্বৰ কুৰিঘৰীয়া প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক প্ৰায় ৮৮শতাংশ ভোটদান হয় ।

গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক তথা সকলো পক্ষক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে।

তেওঁ সংবাদ মাধ্যমকো বিভিন্ন নিৰ্বাচন সংক্রান্তীয় বাতৰি ভোটদাতাসকলক সময়মতে যোগান ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৩ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৮৮ গৰাকী।

গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ গৰাকী আৰু ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ।

আনহাতে, খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭০৯ গৰাকী মহিলা ভোটদাতা।