NORTHEAST NOW (Assamese)

বংগত টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি বিধায়কৰ সৈতে জড়িত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম!

July 31, 2022 6:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 31, 2022 7:15 pm

শনিবাৰে নিশা বংগত কোটি কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনিগৰাকী কংগ্ৰেছী বিধায়কৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। এই সমগ্ৰ ঘটনাৰ আঁৰত ঝাৰখণ্ডৰ শাসনাধিষ্ঠ চৰকাৰ উৎখাতৰ ষড়যন্ত্ৰ থকাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলিছে ৰাজ্যখনৰ এগৰাকী কংগ্ৰেছী বিধায়কে।

ইতিমধ্যে বেৰ্মোৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মঙ্গল সিঙে ৰাঁচীৰ আৰ্গোৰা আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তেওঁ অভিযোগ কৰিছে যে বংগত গ্ৰেপ্তাৰ কৰা তিনি সতীৰ্থ বিধায়কে সিঙকো তেওঁলোকৰ সৈতে গুৱাহাটীত মুখ্যমন্ত্ৰী শৰ্মাক লগ কৰিবলৈ মন্ত্ৰণা দিছিল।

সিঙে অভিযোগ কৰিছে যে জনজাতীয় অধ্যুষিত ৰাজ্যখনত জেএমএম-কংগ্ৰেছ চৰকাৰক উৎখাত কৰাৰ বিনিময়ত তেওঁলোকক নতুন চৰকাৰত মন্ত্ৰীপদৰ লগতে কোটি কোটি টকাৰ নগদ ধনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

জয়মঙ্গল সিঙে দাখিল কৰা এজাহাৰত অভিযোগ কৰিছে যে গ্ৰেপ্তাৰ কৰা কংগ্ৰেছ বিধায়কসকলে তেওঁক একেলগে কলকাতালৈ আহি গুৱাহাটী অভিমুখী ৰাওনা হোৱাৰ প্ৰস্তাৱ দিছিল।

জামতাৰাৰ বিধায়ক ইৰফান আনছাৰীয়ে প্ৰতিজন বিধায়কৰ বাবে ১০ কোটি টকা নগদ ধনৰ উপৰিও সিঙক বিজেপিৰ নতুন চৰকাৰত স্বাস্থ্য মন্ত্ৰীৰ পদৰ প্ৰতিশ্ৰুতি দিছিল বুলি সিঙে লগতে অভিযোগ কৰিছে।

বিধায়ক ইৰফান আনছাৰীয়েই বিজেপিৰ শীৰ্ষ মহলৰ আশীৰ্বাদত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে বুলি জয়মঙ্গল সিঙে নিজ অভিযোগ পত্ৰত সন্নিৱিষ্ট কৰিছে।

বিধায়ক গৰাকীৰ এই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। তেওঁ কয় যে এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে কিয় অভিযোগ পঞ্জীয়ন কৰা হৈছে তাৰ কোনো ধাৰণা নাই।

আনহাতে ঝাৰখণ্ড কংগ্ৰেছ দলৰ মুৰব্বী ৰাজেশ ঠাকুৰে এই সন্দৰ্ভত এক বিবৃতিত কয়, ” অসম চৰকাৰ কেনেদৰে এখন চৰকাৰ উৎখাতৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল, সকলোৱে দেখিছিল। ১৫ দিন ধৰি নাটকৰ পিছত অৱশেষত মহাৰাষ্ট্ৰ চৰকাৰক উৎখাত কৰা হৈছিল।”

এতিয়া এই সমগ্ৰ ঘটনাই ঝাৰখণ্ড চৰকাৰক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ ইংগিত দিয়ে বুলি ৰাজেশ ঠাকুৰে অভিযোগ কৰিছে। অনাগত সময়ত এই বিষয়ে অধিক স্পষ্ট হৈ পৰিব বুলি তেওঁ লগতে কয়।

Related News