সৰুতে আইৰ মুখত সাহিত্যসভাৰ অধিৱেশন সম্পৰ্কে শুনা সেই গহীন, কিন্তু উৎসাহী, নিষ্পাপ, সৰলতা ভৰা বিৱৰণে মনত গাঁঠি পেলাইছিল অসম সাহিত্যসভাৰ এখন গৌৰৱময় ছবি। এতিয়াৰ সাহিত্যসভাৰ লগত তাৰ কোনো ৰাহি-জোৰা নাহে। সকলো অসমীয়া মানুহৰ হিয়াৰ আমঠুত সাহিত্যসভাৰ প্ৰতি তেতিয়া সেই আদৰ আৰু শ্ৰদ্ধাৰ আবেগ সাঁচি থোৱা আছিল।
আৰু আজি? সেই শ্ৰদ্ধা, সেই গৌৰৱ, সেই প্ৰশ্নাতীত আনুগত্যৰ সামান্য কণাও আছেনে? এতিয়া তাৰ ঠাইত আছে সন্দেহ, আছে অশ্ৰদ্ধা, আৰু আছে হৃদয় ওপচা বিষাদ।
সন্দেহ নাই যে ইয়াৰ বাবে সভা বা সভাৰ কৰ্মকৰ্তাসকল নিজেই দায়ী। আশীৰ দশকৰ পৰা এমুঠি বিয়াগোম সাহিত্যিকে সাহিত্যসভাখন নিজৰ একচেতিয়া মঞ্চত পৰিণত কৰিবলৈ লাগি গৈছিল। সভাপতি নিৰ্বাচন, নীতি-নিৰ্ধাৰণ, আদৰ্শ— সকলো তেওঁলোকৰ মৰ্জি মতে হ’ব ধৰিছিল। ইয়াতে অতিষ্ঠ হৈ সাধাৰণ সদস্যই বিদ্ৰোহ কৰিলে। বিয়াগোম সকলে বাধ্যত পৰি বিদায় ল’লে। কিন্তু তাৰ পিছত সাধাৰণ ৰাইজৰ সৰল বিশ্বাসৰ সুযোগ লৈ এচাম অতি স্বাৰ্থপৰ, সুবিধাবাদী আৰু পিছল চৰিত্ৰৰ মানুহে ৰাইজৰ পিঠিত উঠি আহি কেৱল ধন-ক্ষমতাৰ নগ্ন লালসাৰে সাহিত্য সভাত ম্যাদী পট্টা কৰি ল’লে।
সাহিত্য প্ৰেমী আৰু অসমৰ ৰাইজৰ চকুত ধূলি ছতিয়াই সভাপতি-সম্পাদকৰ বাব নিজৰ শিবিৰৰ কৰি ল’লে, অসংখ্য শাখা-সমিতি নিজৰ সুবিধা হোৱাকৈ গঠন কৰি ল’লে আৰু তাৰ আচল জাতীয় সত্বা বিলুপ্ত কৰিলে। সোঁতৰ লগত উটি কা-আইনৰ বিৰোধিতা কৰি দেখুওৱা সকলে পাক মাৰি কা-আইন প্ৰবৰ্তন কৰা দল আৰু চৰকাৰৰ ভিৰত গা ঘেলালে। দেখা গ’ল সতীৰ্থ হিচাপে তেওঁলোকে লাভ কৰিলে আৰু কেতবোৰ প্ৰাক্তন জাতীয়তাবাদীৰ সংগ— যেনে অগপ, ছাত্ৰ সন্থা ইত্যাদি।
তাৰ পূৰ্বে কাকতত আলোকচিত্ৰৰ সৈতে সভাপতি নিৰ্বাচনত কাৰচাজি, সভাৰ মুকলি অধিৱেশনত ৰাইজৰ খেদাত সভাপতিৰ পলায়ন, এইধৰণৰ কাণ্ডৰো খবৰ প্ৰকাশিত হৈছিল। এইবোৰ গৌৰৱ নে কালিমাৰ পৰিচয় কাকো বুজাই ক’ব নালাগে।
স্বাভাৱিকতে এনে পৰিস্থিতি সাহিত্যসভাৰ আহ্বানে পূৰ্বৰ দৰে উৎসাহী, স্বত:স্ফুৰ্ত আৰু বলিষ্ঠ সমৰ্থন নাপায় অসমৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা। সাম্প্ৰতিক কালৰ সৰহ সংখ্যক লেখক-লেখিকা সাহিত্যসভাৰ প্ৰতি উদাসীন হৈ পৰাৰ ইয়ো এক কাৰণ হ’ব পাৰে। অথচ চৰকাৰ, ক্ষমতাশালী ৰাজনৈতিক চক্ৰ, আদিৰ লগত সাহিত্যসভাৰ ঘনিষ্ঠতা চকুত পৰা ধৰণৰ হৈ উঠিছে। সাহিত্যসভাৰ নেতৃত্ব অসমীয়া (বৰ্ণহিন্দু)ৰ নেতৃত্বৰ হাতত আছিল আৰু আছে। এই শ্ৰেণীটো সবল হৈ থকাৰ সময়ত সভাই কিছু গঠনমূলক আৰু জাতীয়তাবাদী কাৰ্যসূচী ৰূপায়ণ নকৰা নহয়। কিন্তু তাতো এইচাম মানুহৰ স্বাৰ্থৰ প্ৰাধান্য আছিল। জাতীয় গঠনমূলক কাৰ্যসূচীত বহুকাল অতি পিছপৰা অনুন্নত গোষ্ঠী আৰু জনজাতীয় সকলৰ অঞ্চলত ৰাস্তা-ঘাট বনোৱা, স্কুলীয়া শিক্ষা বিস্তাৰ আৰু উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা, এনে ধৰণৰ কথা নাছিল। যদি ধৰা হয়, এইবোৰ সাহিত্যসভাৰ কাম নহয়, তথাপি “জাতিগঠন”ৰ উদ্দেশ্য সাধনৰ অৰ্থে চৰকাৰৰ ওচৰত সাহিত্যসভাই এনে দাবী তুলিব পাৰিলেহেঁতেন।
আজি কাষৰীয়া পৰ্বতবাসী জাতি-জনগোষ্ঠীৰ লগত সীমা বিবাদকে ধৰি অসমীয়াৰ নানা বিবাদ তীব্ৰ হৈছে। তেওঁলোকৰ লগত পূৰ্বৰ পৰা সম্প্ৰীতি ৰচনাৰ উদ্দেশ্যে কেতবোৰ বাস্তৱ কাৰ্যসূচী সভাই ল’ব পাৰিলেহেঁতেন। কাৰণ এই বিবাদবোৰ লগাইছে এচাম দুৰ্বৃত্তইহে। একাদিক্ৰমে মই অন্তত: তিনিজন সভাপতিক লগ ধৰি মই এনে কিছুমান সুফলপ্ৰসূ ব্যৱস্থাৰ আৰ্হি দাঙি ধৰিছিলো। তিনিও তাৰ পাৰেমানে শলাগ লৈও কাৰ্যক্ষেত্ৰত একো পদক্ষেপ নল’লে। তাতকৈ অসমীয়াৰ তুলনাত কম সুযোগ থকা বাঙালী জাতিৰ নেতা সকলেই কিন্তু বাঙালীৰ প্ৰতি শুভেচ্ছা অৰ্জনৰ বাবে কিবা অলপ কৰিছে।
ডিমা হাচাওত প্ৰাথমিক বিদ্যালয়ত অসমীয়া পাঠ্যপুথিৰ অভাৱত বাংলা পাঠ্যপুথিৰ প্ৰচলন হৈছিল। প্ৰফুল্ল মহন্ত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হোৱা কালছোৱাতে স্বয়ং তেওঁৰ ভায়েক বিপুল মহন্তই নেৰানেপেৰাকৈ খাটনি ধৰা সত্বেও সেই কালছোৱাৰ অসমীয়া মন্ত্ৰী-বিষয়াই কোনো সঁহাৰি নিদিলে। ফলত এতিয়া ডিমা হাচাওত অসমীয়া ভাষা জনা ডিমাছা জনগোষ্ঠীৰ মানুহ নাই বুলিলেও হয়।
এনেকৈ ‘প্ৰভূত্ব’ৰ গৰ্বত ওফন্দি বাস্তৱ পৰিস্থিতিৰ ঘটনাৱলী বিবেচনা নকৰি অসমীয়া মধ্যবিত্তই নিজৰ জাতি সবল কৰাৰ কোনো দূৰদৰ্শী, বাস্তৱসন্মত আঁচনি গ্ৰহণ নকৰিলে। ফলত এই ‘প্ৰভূ’ সকলৰ ক্ষমতা, অৰ্থ, গৌৰৱৰ ভেটি অতি ঠুনুকা হৈ থাকিল। সবল জনসাধাৰণ অবিহনে সবল জাতি গঢ়ি উঠিব নোৱাৰে। সেয়ে মাজে মাজে সন্দেহ হয়, আমাৰ জাতিটো বাস্তৱ নে কল্পনা।
সুলেখক, চিন্তাশীল নেতা নগেন শইকীয়া দেৱ আমাৰ মধ্যবিত্ত চামৰ এগৰাকী লেখৰ প্ৰতিনিধি। তেখেতৰ এটা সাক্ষাৎকাৰ অলপতে (২২ জুলাই, ২০২২) ‘দৈনিক অসম’ত প্ৰকাশ পাইছে। তাত তেখেতে কৈছে যে যিহেতু ভাষা জাতীয়তাৰ বা জাতীয় পৰিচয়ৰ আধাৰ, সেয়ে অসমীয়া জাতিৰো পৰিচয় ভাষাৰ জৰিয়তেহে হয়। বাহ্যিক দৃষ্টিত কথাটো সঁচা যেন লাগিলেও ই সম্পূৰ্ণ সত্য নহয়। পৃথিৱীত বহুভাষিক জাতিও দুই-চাৰিটা আছে, যেনে চুইছ্ জাতি। দক্ষিণ আমেৰিকাৰ কিছুমান দেশতো একাধিক জাতীয় ভাষা আছে। এইবোৰ ইতিহাসৰ পৰিণতি। আচলতে এটা জাতিৰ কেৱল ভাষাটো বৰ্তি থাকিলেই জাতীয় পৰিচয় ৰক্ষা নপৰে। বৰং আন সকলো হেৰালে এদিন ভাষাটোও মুজুৰা পৰে। সেয়ে কেৱল ৰুগীয়া জাতি এটাৰ মাত্ৰ ভাষাটোকে কৃত্ৰিমভাৱে জীয়াই ৰাখিলে কালক্ৰমত ভাষাৰ লগত জাতিটোও লোপ পাবলৈ বাধ্য।
মই বুজামতে জাতিৰ প্ৰধান পৰিচয় তাৰ নিজ উদ্দেশ্য পূৰণ কৰিব পৰা সক্ষমতা (agency)। অস্তিত্ব সুৰক্ষিত আৰু সবল কৰি ৰাখিবলৈ এটা জাতিক যিবোৰ সম্পদ আৰু উপকৰণৰ দৰকাৰ, সেইবোৰ এনে সক্ষমতাৰে জাতিটোৱে নিৰবচ্ছিন্নভাৱে অৰ্জন কৰি যাব পাৰিলেহে জাতিটো বাচি থাকিব পাৰে। আনহাতে অতি সুক্ষ্ম ষড়যন্ত্ৰৰে জাতিটো নি:শেষ কৰিব খোজা শক্তিবোৰে জাতিৰ এনে agency বা স্বাধীন কৰ্মক্ষমতা ক্ৰমে-ক্ৰমে বিলুপ্ত কৰে।
ভাষা দুৰ্বল বা প্ৰভাৱহীন কৰা নিশ্চয় তাৰ এটা সোপান বা অংগ। কিন্তু এইটো একেবাৰতে নহয়, ঢাপে-ঢাপে শেষ কৰা হয়। আচলতে বিশ্বজুৰি একছত্ৰী প্ৰাধান্য প্ৰতিষ্ঠা কৰিব খোজা বৃহৎ গোলকীয় পুঁজিয়ে সৰু-সুৰা ভাষাবোৰ শেষ কৰি সৰ্বত্ৰ এটা বা এমুঠিমান ভাষা প্ৰচলন কৰিব খোজে, যাতে বিভিন্ন অঞ্চলৰ সম্পদ লুণ্ঠন, বজাৰ দখল, শ্ৰমিক শোষণ অবাধে হয়। সেয়ে ভাৰততো হিন্দী আৰু ইংৰাজী একমাত্ৰ ভাষাৰূপে প্ৰচলিত হোৱাটো সিহঁতৰ কাম্য। কিন্তু অগত্যা বাংলা, তামিল আদি কেইটামান ভাষাক ৰেহাই দিব পাৰে। কিন্তু অসমীয়াক দয়াৰ চকুৰে চোৱাৰ আশা কম। দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্যবোৰত ব্যৱসায়ী মহল আৰু ভাৰত চৰকাৰৰ সহযোগত ইতিমধ্যে হিন্দীৰ উত্থান প্ৰবল হৈছেও।
অসমৰ অসামৰিক সেৱাৰ (APSC) পৰীক্ষাবোৰৰ পৰা বাধ্যতামূলক অসমীয়া জ্ঞানৰ পৰীক্ষা উঠাই দিয়া হৈছে, যাতে অনা-অসমীয়া, হিন্দী/ইংৰাজী ভাষী বিষয়াই প্ৰশাসনত মুখ্য ভূমিকা ল’ব পাৰে। স্কুলীয়া শিক্ষাৰ মাধ্যম ইংৰাজী কৰিব খোজা হৈছে দুটা কাৰণে। প্ৰথমতে ই অসমীয়া মধ্যবিত্তৰ সন্তানক কেন্দ্ৰীয় চৰকাৰ তথা গোলকীয় পুঁজিৰ সহযোগী কৰাত সহায় কৰিব। দ্বিতীয়তে ই থলুৱা শ্ৰমজীৱি, কৃষক আদিৰ সন্তানক পুনৰ নিতান্ত শ্ৰমিক জীৱন বাচি ল’বলৈ বাধ্য কৰিব, কাৰণ ইংৰাজী মাধ্যম আয়ত্ব কৰাত থলুৱা শ্ৰমজীৱিৰ সন্তান পিছপৰি থাকিব।
এইবোৰ পদক্ষেপৰ লগতে চাৰিওপিনে অসমীয়াৰ স্বাধীন আৰু শক্তিশালী ঐতিহ্যৰ স্মৃতি বহন কৰা সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, সকলো পৰম্পৰা ইচ্ছাকৃতভাৱে বিকৃত কৰা হৈছে। লাচিত বৰফুকনক অসমৰ স্বাধীনতা-ৰক্ষাৰ যুঁজৰ সেনাপতি হিচাপে নহয়, মোগল-বধী বীৰ হিচাপে স্মৰণ কৰাৰ ব্যৱস্থা হৈছে, শংকৰদেৱক পৰিণত কৰা হৈছে ‘ৰাষ্ট্ৰীয়তা’ৰ অগ্ৰদূত হিচাপে। আনহাতে অসমৰ অৰ্থনীতি-সংস্কৃতিৰ ভেটি শক্তিশালী কৰিব পৰা সকলো প্ৰতিষ্ঠান ইচ্ছাকৃতভাৱে নিশকতীয়া কৰা হৈছে। অসমত আয়ুৰ্বেদ চৰ্চাৰ এক সুকীয়া থলুৱা পৰম্পৰা আছিল। আয়ুৰ্বেদিক ঔষধবোৰো থলুৱা ৰাইজৰ শৰীৰ-মনত শুজাকৈ প্ৰস্তুত কৰা হৈছিল। কুলবিল সত্ৰত তাৰ অৱশেষ আজি চল্লিশ-পঞ্চাশ বছৰলৈ টিকি আছিল।
কিন্তু এতিয়া ‘আসাম আয়ুৰ্বেদিক উৎপাদন নিগম’ৰ বিপণীত ডাবৰ, পতঞ্জলি আদিৰ ঔষধ বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। শৰৎ সিংহৰ দিনত আৰম্ভ কৰা নিগমবোৰৰ যিকেইটা টিকি আছিল, কেওটাৰে অন্তিম সৎকাৰৰ দিহা কৰা হৈছে। যোৱা দুই-তিনিবছৰৰ বিধ্বংসী বানত থলুৱা ৰাইজৰ দুৰ্দশাই বলীউডৰ কোনো কোনো তাৰকাৰো হৃদয় গলিত কৰি তেওঁলোকৰ দান-বৰঙণি আকৰ্ষণ কৰিছে। কিন্তু যোৱা চাৰিবছৰে ৯ হেজাৰ কোটিৰ অধিক বান-সাহায্য বিচাৰি অসমে পাইছে কাগজে-কলমে মাত্ৰ ৪৪ কোটি, তাকো আজিলৈকে মুকলি কৰি দিয়া হোৱা নাই।
জি-এছ-টিৰ কৰ সংগ্ৰহ ব্যৱস্থা প্ৰবৰ্তন কৰাৰ সময়ত কেন্দ্ৰই ভৰসা দিছিল যে এই নতুন ব্যৱস্থাৰ ফলত অসমে হেৰুওৱা ধনৰ পৰিমাণ ক্ষতিপূৰণ ৰূপে কেন্দ্ৰই ঘূৰাই দিব। কিন্তু ফুটাকড়ি এটাও দিয়া নাই। আৰু ‘আপোনাৰ একান্ত বাধ্য সেৱক’ বুলি নিজৰ পৰিচয় দিয়া অসমৰ পোহনীয়া শাসক বিলাকে দাবী কৰিবলৈকো সাহস কৰা নাই। অসমৰ মাটিত আগপাছ নুগুণি প্ৰকাণ্ড ৰাস্তাকে ধৰি নানা বিয়াগোম নিৰ্মাণ কাৰ্য চলাই অসমৰ পাহাৰ, নৈৰ স্বাভাৱিক ধৰ্মত খেলিমেলি লগোৱা হৈছে। কংগ্ৰেছৰ দিনতো পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত যিবোৰ কঢ়া নিয়ম-নীতি প্ৰবৰ্তন কৰা হৈছিল, সেইবোৰ যুক্তিহীনভাৱে শিথিল কৰা হৈছে লুণ্ঠনকাৰী পুঁজিৰ মালিকবোৰৰ সুবিধাৰ বাবে। (দেশৰ সীমাৰ পৰা এশ কিলোমিটাৰ দূৰত হেনো পৰিৱেশ ৰক্ষাৰ প্ৰয়োজন নাথাকে!)
নগাঁৱৰ জনজাতীয় ৰাইজৰ মাটি ৰাজধানীৰ গ্ৰাসত সোমোৱাৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনমান ধৰি বাতৰি কাকতত গোৱালপাৰাৰ থলুৱা কোঁচ-ৰাজবংশী, বড়ো, দেশী মুছলমানৰ মাটি বৃহৎ ৰাস্তা বনাবলৈ অধিগ্ৰহণ কৰাৰ কেইবাপৃষ্ঠাজোৰা চৰকাৰী বিজ্ঞাপন ওলায়েই আছে। এইসকল লোকৰ জীৱন-জীৱিকাৰ ওপৰত কিবা প্ৰভাৱ পৰিবনে নাই, তাক লৈ কোনো উদ্বেগ নাই। আমাৰ মন্ত্ৰীসকলে ভাষণ দিছে, কবিতা গাইছে, ২০৩০ বা ২০৫০ চনত অসম স্বৰ্গৰাজ্য হ’ব বুলি ভৰসা দি ফুৰিছে। কেৱল সেই চনলৈ তেওঁলোকক ভোট দি থাকিলেই হ’ল।
শেহতীয়াকৈ ‘নতুন শিক্ষানীতি’ (NEP) খন কাৰ্যকৰী কৰিবলৈ একক সংখ্যাগৰিষ্ঠতাৰ জোৰত আইন গ্ৰহণ কৰাৰ কথা উঠিছে। হেবাং অসমীয়াই বুজাই নাই, আৰু সিয়ান ৰাজনৈতিক নেতাই বুজিলেও তাক ৰাইজৰ পৰা আঁৰ কৰিছে, যে নতুন শিক্ষানীতিয়ে আচলতে আমাৰ জাতীয় ভাষা-সংস্কৃতিৰ মৃত্যু ঘণ্টা বজাব। ‘উন্নত শিক্ষা’ৰ নামত হিন্দী/ইংৰাজীক আসনত বহুওৱা হ’ব, অসমীয়া এটা দোৱান হৈ চুকত পৰি থাকিব। আৰু যাৰ তত্বাৱধান আৰু তৎপৰতাৰে এই কাম কৰি থকা হৈছে, সম্পূৰ্ণ কৰিব খোজা হৈছে, সেইজন হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞান, বুদ্ধি, দূৰদৰ্শিতা কৰ্মশক্তিকে ভূয়সী প্ৰশংসা কৰি আছে শ্ৰদ্ধেয় নগেন শইকীয়াকে ধৰি জাতিটোৰ পুৰোধা ব্যক্তিসকলে।
আচলতে জাতিৰ নেতৃত্ব দিয়া বৰ্ণহিন্দু মধ্যবিত্তই দেখিছে, আৰু অসমীয়াগিৰি কৰি লাভ নাই,। হিন্দীগিৰি কৰিলেহে নিৰাপত্তা আৰু সমৃদ্ধিৰ সুযোগ ওলাব। যি এমুঠি আত্মসন্মান থকা জাতীয়তাবাদী আছে তেওঁলোকে আঁতৰি আছে, কিন্তু নীৰৱে। ডঃ শইকীয়া যেন মাজত ৰৈ আছে। বৰ্ণহিন্দুৰ বাহিৰৰ জনগোষ্ঠীয় নেতাবোৰ অলপ পানীৰ মাছৰ দৰে সোঁতত নাচি-বাগি কেতিয়াবাই উটি গৈছে। জাতিটো— অৰ্থাৎ সাধাৰণ শ্ৰমজীৱী মানুহ বামত পৰি ছটফটাই মৰিব লাগিব।
চৰকাৰৰ ওপৰত বেছি ভৰসা কৰা থলুৱা মানুহ থলতে লয় পাব। যদি টিকি থাকে, তেন্তে কোনোদিন চৰকাৰে চকু মেলি নোচোৱা আৰু নিজেও চৰকাৰৰ পৰা একো আশা নকৰা তথাকথিত ‘বাংলাদেশী’ সকল নিজৰ কৰ্মশক্তি আৰু উদ্যমেৰে টিকি থাকিব। গোলকীয় পুঁজিয়ে তেওঁলোকৰ জীৱন নিৰ্বাহৰ দাবী মানি ল’বলৈ বাধ্য হ’ব। জাতি ৰক্ষাৰ হুংকাৰ, খদমদমৰ পৰিণতি এয়ে হ’লে সি ইতিহাসৰ অন্যতম পৰিহাসহে হ’ব।