• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

কৰবী দত্ত by কৰবী দত্ত
August 15, 2022 4:22 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা প্ৰকাশিত সকলোবোৰ ভাষাৰ বাতৰি কাকত আৰু নিৰ্বাচিত আলোচনীৰ লগতে উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কীয় সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্য ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ উদ্দেশ্যে মিডিয়া আৰ্কাইভ এটা স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ১৯৯৭ চনতেই৷ জনমভূমি, দৈনিক জনমভূমি, দৈনিক অসম আদি কাকতৰ সম্পাদক তথা অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰুৱাই এই আৰ্কাইভৰ প্ৰয়োজনীয়তা অনুভৱ কৰি সভাপতি ৰাধিকামোহন ভাগৱতীৰ সৈতে অনানুষ্ঠানিক আলোচনা কৰাৰ পাছত আৰ্কাইভ সম্পৰ্কে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক আলোচনা হৈছিল ১৯৯৭ চনৰ ৩ আগষ্ট তাৰিখে। এই সমিতিৰ উত্তৰসূৰী অনুষ্ঠান হিচাপে ২০০২ চনত ছ’চাইটি ৰেজিষ্ট্ৰেচন আইনৰ অধীনত পঞ্জীয়ন কৰা মিডিয়া ট্ৰাষ্ট, অসমে ২০০৪ চনত এটা মিডিয়া আৰ্কাইভ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে ট্ৰাষ্টে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল বিজ্ঞান বিভাগৰ সেই সময়ৰ মূৰব্বী ডঃ অলকা বুঢ়াগোহাঁইক আৰ্কাইভৰ অবৈতনিক সঞ্চালিকাৰ দায়িত্ব প্ৰদান কৰে।
উল্লেখযোগ্য যে এই ট্ৰাষ্টৰ ডিডত উল্লেখ থকা প্ৰাথমিক উদ্দেশ্যসমূহৰ ভিতৰত এটা বিশেষ পুথিভঁৰাল আৰু আৰ্কাইভ স্থাপনো হৈছে অন্যতম। আনহাতে, ট্ৰাষ্টৰ বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰে গুৱাহাটীৰ ৰূপনগৰ এলেকাত ট্ৰাষ্টৰ নামত পাঁচ বিঘা মাটিও আৱন্টন দি থৈছে৷

এই প্ৰস্তাৱিত আৰ্কাইভ প্ৰকল্পটোত অসমৰ পৰা প্ৰকাশিত সকলোবোৰ ভাষাৰ বাতৰি কাকত আৰু নিৰ্বাচিত আলোচনী, বিভিন্ন মূল্যৱান ফটো, কথাছবি, দূৰদৰ্শন আৰু আকাশবাণী যোগে প্ৰচাৰিত ধাৰাবাহিক, কেচেট, চিডি আদি সংৰক্ষণৰ লগতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ আৰ্হিত অসমৰ সকলো ভাষাৰ লেখক তথা সাংবাদিকৰ হাতৰ আখৰো সংৰক্ষণৰ লগতে বিভিন্ন গৱেষণাৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ অসমৰ পৰা প্ৰকাশিত সকলো ভাষাৰ কাকত আলোচনীসমূহ সংগ্ৰহ কৰি সেইবোৰ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ তদুপৰি উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কীয় সকলো তথ্যৰ এক তথ্যভাণ্ডাৰ গঢ়ি তোলাৰো সিদ্ধান্ত লোৱা হৈছিল৷ উল্লেখযোগ্য যে এই আৰ্কাইভছ স্থাপন হ’লে ই উত্তৰ পূবাৰ্ঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ তথ্য ভাণ্ডাৰৰূপে কাম কৰিব বুলি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙেও তেওঁৰ কাৰ্যকালতেই ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষীলৈ লিখা এখন চিঠিত উল্লেখ কৰিছিল৷

ব‍্যয়বহুল এই প্ৰকল্প ৰূপায়ণৰ বাবে বিভিন্ন প্ৰকাৰে প্ৰচেষ্টা চলোৱাৰ অন্তত ২০০৬ চনৰ ২ জানুৱাৰী তাৰিখে গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে অসম চুক্তিৰ ছয় নং দফাত অন্তৰ্ভুক্ত কৰাৰ বাবে সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত মিডিয়া আৰ্কাইভ প্ৰকল্পৰ প্ৰস্তাৱটো দাখিল কৰে৷ পৰৱৰ্তী পৰ্যায়ত এই প্ৰকল্পটো সম্পৰ্কে আলোচনাৰ বাবে ২০০৮ চনৰ ২৪ জুলাই তাৰিখে অসম চৰকাৰৰ কেইবাটাও বিভাগৰ সচিবৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ সেই সময়ৰ সচিব জি.কে.পিল্লাইৰ সভাপতিত্বত নতুন দিল্লীত এক বৈঠক অনুষ্ঠিত হয় আৰু জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ সচিবে যিকোনো প্ৰকাৰে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো ৰূপায়ণ কৰা উচিত বুলি মন্তব্য কৰে৷

অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মন্ত্ৰী, সচিব আদিৰ সৈতে এই প্ৰকল্প সম্পৰ্কে ট্ৰাষ্টৰ বিষয়ববীয়াসকলৰ কেইবালানিও গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়৷ ২২.৯.২০১০ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিবৰ সৈতে হোৱা ট্ৰাষ্টৰ প্ৰতিনিধিসকলৰ বিতং আলোচনাৰ অন্তত গৃহীত প্ৰস্তাৱসমূহ ভিতৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক মুৰব্বী হিচাপে লৈ এখন ছ’চাইটি গঠন কৰি এই আৰ্কাইভ প্ৰকল্প ৰূপায়ণ কৰাৰ প্ৰস্তাৱটো আছিল অন্যতম৷
ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক সভাপতি ৰাধিকা মোহন ভাগৱতী আৰু প্ৰতিষ্ঠাপক কাৰ্যবাহী ন্যাসৰক্ষী প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কাৰ্যকালত এই সমস্ত যোগাযোগ কৰা হৈছিল যদিও দুৰ্ভাগ্যবশতঃ এই ছ’চাইটি পঞ্জীয়নৰ পূৰ্বে তেওঁলোক দুগৰাকীৰ আকস্মিক বিয়োগৰ পাছত মিডিয়া আৰ্কাইভৰ কাম-কাজ স্থবিৰ হৈ পৰে৷ পৰৱৰ্তী সময়ত ছ’চাইটি পঞ্জীয়নৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰি ট্ৰাষ্টে নিজাববীয়াকৈ এই প্ৰকল্প ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও নিজাকৈ কোনো স্থায়ী পুজি বা উপাৰ্জন নথকা মিডিয়া ট্ৰাষ্টৰ এই সিদ্ধান্ত বাস্তৱায়িত হোৱাৰ কোনো সম্ভাৱনা সম্প্ৰতি দেখা নাযায় ।কিয়নো ২০০৬ চনত ২৩ কোটি টকা ব‍্যয়সাপেক্ষ এই প্ৰকল্পৰ ব‍্যয় আজিৰ তাৰিখত কমেও তিনিগুণমান বৃদ্ধি হ’ব। উল্লেখযোগ্য, ট্ৰাষ্টৰ এই সিদ্ধান্তত ব‍্যাথিত হৈ মিডিয়া আৰ্কাইভৰ অবৈতনিক সঞ্চালিকা ড° অলকা বুঢ়াগোহাঁয়ে তাৎক্ষণিক ভাৱে পদত্যাগ কৰে। তেতিয়াৰ পৰা , অৰ্থাৎ ২০১৮ চনৰ পৰা এই আৰ্কাইভৰ সঞ্চালকৰ আসনখন খালী হৈ আছে।

অসমৰ পৰা বিভিন্ন সময়ত প্ৰকাশিত বিভিন্ন ভাষাৰ কাকত-আলোচনী তথা গ্ৰন্থসমূহ হৈছে অসমৰ সকলোবোৰ জনগোষ্ঠীৰ ঐতিহ্যৰ দস্তাবেজ-স্বৰূপ । সেইফালৰ পৰা চাবলৈ হ’লে তেওঁলোকৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ বাবে এই আৰ্কাইভছৰ গুৰুত্ব অপৰিসীম৷ কিন্তু বহুদূৰ আগবাঢ়িও এই প্ৰকল্পটো এনেদৰে স্থবিৰ হৈ পৰাটো অতি পৰিতাপৰ বিষয়৷ মিডিয়া আৰ্কাইভৰ এই প্ৰকল্পত ইতিমধ্যেই অসমৰ বিশিষ্ট বুৰঞ্জীবিদ প্ৰয়াত বেণুধৰ শৰ্মা তথা তেওঁৰ পুত্ৰ অজিত কুমাৰ শৰ্মাৰ লাইব্ৰেৰী, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ লাইব্ৰেৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিপিন পাল দাসৰ লাইব্ৰেৰীৰ উপৰিও অসমৰ ভালেমান ব্যক্তি আৰু পৰিয়ালে দান কৰা মূল্যবান গ্ৰন্থৰ লগতে প্ৰাক-স্বাধীনতা কালৰে পৰা বৰ্তমানলৈকে থকা বিভিন্ন কাকত আলোচনীৰ অজস্ৰ সংখ্যা সংগ্ৰহ কৰা হৈছে৷ এই প্ৰকল্পৰ সঠিক আৰু ক্ষীপ্ৰ ৰূপায়মৰ অভাৱত তাত সংৰক্ষিত অসমৰ ঐতিহ্য সংস্কৃতিৰ এই মূল্যবান সম্পদৰাজি চিৰদিনৰ বাবে কালৰ গৰাহত হেৰাই গ’লে যি অপূৰণীয় ক্ষতি হ’ব সেয়া ভাষাৰে বুজাব নোৱাৰি৷ উল্লেখযোগ্য যে ড° মনমোহন সিঙৰ সাংসদ পুঁজিৰ পৰা লাভ কৰা পোন্ধৰ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা মিডিয়া আৰ্কাইভৰ প্ৰশাসনীয় ভৱন তথা সাংবাদিক অতিথিশালৰ দুটা কোঠাত এই সমস্ত সংগ্ৰহ ৰখা হৈছে যদিও সংৰক্ষণৰ যথোপযুক্ত ব‍্যৱস্থা কৰাত মিডিয়া ট্ৰাষ্ট সফল হ’ব পৰা নাই।

আনহাতে, প্ৰায় সোতৰ- ওঠৰ বছৰ ধৰি ট্ৰাষ্টে নিয়মীয়াকৈ প্ৰায়বোৰ দৈনিক তথা একাংশ সাপ্তাহিক বাতৰি কাকত সংগ্ৰহৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা চলাই আছিল যদিও ক’ভিডৰ সময়ত প্ৰায় ছমাহ কাল এই সংগ্ৰহ সম্পূৰ্ণ ৰূপে স্থবিৰ হয়। পাছলৈ পুনৰ কেইখনমান কাকত আকৌ ৰাখিবলৈ লয় যদিও ছমাহৰ বিৰতিৰ ফলত হেৰুওৱা ধাৰাবাহিকতাই কৰা এই ক্ষতি অপূৰণীয়।

অসমৰ জনসাধাৰণৰ ঐতিহ্যৰ যথোপযুক্ত সংৰক্ষণৰ বাবে অতি প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ মিডিয়া আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীৰ এই সপোনটো আধৰুৱা অৱস্থাতে মৰহি যোৱাটো সঁচাকৈয়ে অতি পৰিতাপৰ কথা।

কৰবী দত্ত

কৰবী দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd