বিধানসভা বা লোকসভাৰ অধ্যক্ষৰ আসনখনৰ মৰ্যাদা আৰু গৰিমা অলপ সুকীয়া। সংসদ হ’ল গণতান্ত্ৰিক ব্যৱস্থাৰ আধাৰ। সংসদ বা বিধানসভাৰ পৰিচালনাৰ দায়িত্ব সাংবিধানিকভাৱে অৰ্পণ কৰা হৈছে অধ্যক্ষক। এনে পথত বহা মানুহজন কেনে হোৱা উচিত?
প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অধ্যক্ষৰ আসনখন সম্পৰ্কে কৈছিল এনেদৰে- “The Speaker represents the House. He represents the dignity of the House, the freedom of the House and because House represents freedom and liberty. Therefore, it is right that, that should be honoured position; a freedom position and should be occupied always by men of outstanding ability and impartiality.”। নেহৰুৰ এই চমু বক্তব্যখিনিৰ পৰা অধ্যক্ষ পদৰ মৰ্যাদা আৰু সেই আসনখনত বহি থকা ব্যক্তিজন কেনে হোৱা উচিত তাৰ আভাস আমি পাওঁ।
অধ্যক্ষ পদটো বা প্ৰতিষ্ঠানটোৰ (Institution) উৎপত্তি হৈছে বৃটেইনত। যদিও আদিতে বৃটেইনৰ সংসদত অধ্যক্ষৰ ভূমিকা প্ৰধানতঃ আছিল ৰজা বা ৰাণীৰ প্ৰতিনিধিৰ দৰে। পৰৱৰ্তী সময়ত এই ভূমিকালৈ মৌলিক পৰিৱৰ্তন আহে। উনবিংশ শতিকাৰ মাজভাগৰে পৰা বৃটিছ সাংসদৰ অধ্যক্ষজন দলীয় ৰাজনীতিৰ উৰ্দ্ধত থকাটো এটা নিয়মত পৰিণত হ’ল। পৰৱৰ্তী সময়ত অধ্যক্ষৰ আসনৰ মৰ্যাদা আৰু নিৰপেক্ষতাৰ স্বাৰ্থত অধ্যক্ষজনক সকলো ধৰণৰ ৰাজনৈতিক কাম কাজৰ পৰা আঁতৰত থকা আৰু পদৰ ম্যাদ শেষ হোৱাৰ পাছত ৰাজনীতিৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক কৰা হ’ল।
নেহৰুৰ বক্তব্য আৰু এইখিনি কথা একেলগে পঢ়িলে বিধানসভা বা লোকসভাৰ অধ্যক্ষ পদটোৰ চৰিত্ৰ আমাৰ ওচৰত আৰু স্পষ্ট হৈ পৰে। লোকসভা আৰু বিধানসভাসমূহৰ অধ্যক্ষৰ আসন শুৱনি কৰা ব্যক্তিসকলে প্ৰায় সত্তৰ দশকলৈকে এই পদটোৰ গৰিমা ৰক্ষা কৰি চলা দেখা পোৱা গৈছিল। লোকসভাৰ প্ৰথমজন অধ্যক্ষ জি ভি মাভসংকাৰে এক বক্তৃতাত কৈছিল যে তেওঁ লোকসভাৰ অধ্যক্ষ হিচাপে সকলোৰে, নহ’লে কাৰোৰে নহয়।
শেহতীয়াকৈ আমি ‘অধ্যক্ষ’ নামৰ প্ৰতিষ্ঠানটোৰ গৰিমা ম্লান হোৱা দেখা পাইছো। অধ্যক্ষজনে নিজৰ নিৰপেক্ষতা বাদ দি তেওঁ প্ৰতিনিধিত্ব কৰা দলৰ স্বাৰ্থক আগবঢ়াই দিয়াটোৱেই হ’ল এনে হোৱাৰ প্ৰধান কাৰণ।
সংসদ বা বিধানসভাত কি বিষয়ৰ আলোচনা কৰা হ’ব তাক নিৰ্দ্ধাৰণ কৰে অধ্যক্ষই। যিকোনো ধৰণৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা বিষয়ৰ ওপৰত Adjournment Motion অনাৰ অনুমতি প্ৰদান কৰে অধ্যক্ষই। সংবিধানৰ দশম অনুসূচীত থকা দলত্যাগ বিৰোধী ব্যৱস্থাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ অধিকাৰো প্ৰদান কৰা হৈছে অধ্যক্ষক। কিন্তু, বাস্তৱ অভিজ্ঞতাই দেখুৱাইছে যে, এনেবোৰ বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধ্যক্ষসকলে তেওঁ প্ৰতিনিধিত্ব কৰা দলৰ স্বাৰ্থক গুৰুত্ব দিয়ে।
সেয়েহে শাসকীয় দলৰ বা চৰকাৰ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা বিষয়বোৰৰ আলোচনাৰ অনুমতি প্ৰদান নকৰে অধ্যক্ষসকলে তেহেলৈ বিষয়টো যিমানেই গুৰুত্বপূৰ্ণ নহওক। আৰু অধ্যক্ষৰ এনে ভূমিকা সংসদীয় গণতন্ত্ৰৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
অধ্যক্ষৰ এই ভূমিকাৰ কথা মনলৈ আহিছে শেহতীয়াকৈ অসমৰ ৰাজ্যসভাৰ বাবে হৈ যোৱা নিৰ্বাচনৰ সময়ত বিধানসভাৰ অধ্যক্ষজনে আগবঢ়োৱা কিছু বক্তব্যৰ পৰিপ্ৰেক্ষিতত। ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষই ক্ৰছ ভোটিং সম্পকে মন্তব্য আগবঢ়াই এনে ক্ৰছ ভোটিঙে বিধানসভাৰ সদস্য এজনক দলত্যাগ বিৰোধী ব্যৱস্থাৰ আওতালৈ নানে বুলি ঘোষণা কৰিছিল। ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ অন্তৰালৰ কাৰণ সম্পৰ্কে আমি সকলোৱে জ্ঞাত। ইয়াত নীতি আদৰ্শৰ কথা নাথাকে। প্ৰলোভনৰ ৰাজনীতিহে এনে ক্ৰছ ভোটিঙৰ প্ৰধান কাৰণ। এনে প্ৰেক্ষাপটত বিধানসভাৰ অধ্যক্ষজনে আগবঢ়োৱা বক্তব্যৰ ঔচিত্যৰ (Propriety) প্ৰসংগটো উত্থাপিত হৈছে।
সন্দেহ নাই, ৰাজ্যসভাত ক্ৰছ ভোটিং কৰাৰ বাবে কোনো এজন বিধায়কৰ পদ খাৰিজ নহয়। ইয়াৰ কাৰণ হ’ল ৰাজ্যসভা নিৰ্বাচনক House বা বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ অংশৰূপে গণ্য কৰা নহয়। আইনগতভাৱে সঠিক হ’লেও বিধানসভাৰ অধ্যক্ষজনে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বাৰে বাৰে সেই কথাটো উনুকিয়াই থকাটো কিমানদূৰ সমীচিন? ই অধ্যক্ষজনৰ নিৰপেক্ষতা সম্পৰ্কে মানুহৰ মনত প্ৰশ্ন উত্থাপন কৰা নাইনে? অথবা এনে লগা নাই নে যে অধ্যক্ষই তেওঁৰ কৰ্তব্যৰ দ্বাৰা ক্ৰছ ভোটিঙত উৎসাহ যোগাইছে। ন্যায়পালিকাৰ ক্ষেত্ৰত কোৱা হয় “Justice maust not only be done, but must also be seen to be done. অৰ্থাৎ ন্যায় প্ৰদানেই যথেষ্ট নহয়। দেখা ন্যায় দিয়া যেন লগা উচিত।
একেটা কথাই অধ্যক্ষৰ দৰে এক সাংবিধানিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো খাটে। তেওঁ নিৰপেক্ষ হ’বই লাগিব, কিন্তু দেখাতো নিৰপেক্ষ যেন লগা উচিত। আজি যদি তেখেতৰ বক্তব্যৰ পৰা সাধাৰণ মানুহৰ মনলৈ এনে ভাৱ আহে যে অধ্যক্ষজন নিৰপেক্ষ নহয়। তাৰমানে বুজিব লাগিব তেওঁৰ সাংবিধানিক দায়িত্ব পালনত ক’ৰবাত খুঁত ৰৈ গৈছে।
আমি এনে বহু উদাহৰণ দিব পাৰো য’ত বিধানসভাৰ অধ্যক্ষই বিৰোধী দফা প্ৰয়োগৰ ক্ষেত্ৰত নগ্নভাৱে পক্ষপাতদুষ্ট ভূমিকা পালন কৰিছে। আৰু ইয়াৰ ফলত বাৰে বাৰে ন্যায়পালিকাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলগা হৈছে। মণিপুৰৰ কংগ্ৰেছী বিধায়ক এজনৰ ক্ষেত্ৰত দলত্যাগবিৰোধী দফাৰ প্ৰয়োগ সম্পৰ্কীয় এক গোচৰত উচ্চতম ন্যায়ালয়ে আনকি দলত্যাগবিৰোধী বিবাদৰ মীমাংসাৰ বাবে এক স্বাধীন ন্যায়পালিকা গঠন কৰাৰো পৰামৰ্শ দিছে।
এনে পৰামৰ্শ দিব লগা হৈছে অধ্যক্ষৰ পক্ষপাতদুষ্ট সিদ্ধান্তৰ ফলত। অধ্যক্ষৰ আসনখনৰ প্ৰতি অহা এনে সন্দেহে গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভৱিষ্যতৰ বাবে ভাল সংকেত নিদিয়ে।
(লেখক শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জেষ্ঠ অধিবক্তা: লেখকৰ মোবাইল নম্বৰ: ৯৪৩৫১-০৪৮৮৮)