কাল কৰোনাই অমানিশা চপাই আনিছে মৃৎ শিল্পীৰ জীৱনলৈ

nagg

ক’ৰণা মহমাৰীয়ে ইতিমধ্যে সমগ্র বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। হেজাৰ জনে হেৰুৱাইছে নিজৰ কৰ্ম সংস্থাপন।

এই কাল ক’ৰণাই যেন অমানিশা চপাই আনিছে মৃৎশিল্পীৰ জীৱনলৈও।

কলিয়াবৰৰ আমবাগান স্থিত বাবা লোকনাথ নামৰ মৃৎ শিল্পীৰ ব্যৱসায়িক পৰিয়ালটোৱে বৰ্তমান ভয়ানক লোকচানৰ সন্মুখীন হৈছে।

২০২০ চনৰ সম্পূর্ণ লকডাউন আৰু ২০২১ চনৰ অৰ্দ্ধ লকডাউনৰ ফলত বহুতো লোকচানৰ সন্মুখীন হ’ব লগা হৈছে এই মৃৎ শিল্পীৰ পৰিয়ালটো।
ক’ৰণো মহমাৰীৰ ভয়াৱহ সংক্ৰমণৰ বাবেই বহুতো লোকে যোৱা বছৰৰ পৰাই অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ ফলত বিক্রী হোৱা নাই কোনো ধৰনৰ প্ৰতিমা ।

আনহাতে বিগত বৰ্ষত নিৰ্মিত বহুতো প্ৰতিমা বিক্ৰী নোহোৱাৰ পাছত এই বৰ্ষত আগন্তুক গণেশ পূজাৰ পৰা আৰম্ভ কৰি দুৰ্গা পূজা, লক্ষ্মী পূজা , কালী পূজাকে ধৰি বিভিন্ন পূজাৰ বাবে নিৰ্মাণ কৰা প্ৰতিমা সমূহকলৈ চিন্তিতহৈ পৰিছে মৃন্ময় শিল্পীসকল।

এতিয়া এই দুৰ্ভগীয়া মৃন্ময় শিল্পী সকলৰ চৰকাৰলৈ এটাই আহ্বান মৃন্ময় শিল্পীসকলক চৰকাৰে কিছু সাহাৰ্য্যৰ ব্যবস্থা কৰে যেন। অন্যথা এই মৃন্ময় শিল্পীসকলৰ জীয়াই থাকিবলৈ অৱস্থা অতিকৈ বেয়া হৈ পৰিব।