NORTHEAST NOW (Assamese)

গোলাঘাটৰ এমেচাৰ সংগীত প্ৰেমী শিল্পী মন্টু কৰ্মকাৰৰ দেহাৱসান

March 28, 2021 5:06 pm · মীনাক্ষী ফুকন

“মই সংগীতজ্ঞ নহওঁ। এজন পৰিপূৰ্ণ সংগীতশিল্পী হ’ব পৰাকৈ ইমান অভিজ্ঞতা মোৰ নাই। মই এজন সংগীত প্ৰেমী শিল্পী।” গোলাঘাটৰ ঐতিহাসিক এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ গ্ৰীণ ৰূমৰ পৰা আৰু শুনিবলৈ নাপায় “যদি তোৰ ডাক সোনে কেউ নাই/ তবে একলা চল’ ৰে/ বা মেঘে গিৰ গিৰ কৰে …..” আদি পুৰণি অসমীয়া, হিন্দী বা ৰবীন্দ্ৰ সংগীতৰ সুৰ। স্তব্ধ হৈ গ’ল গোলাঘাটৰ সংগীত জ্যোতিষ্ক মন্টু কৰ্মকাৰ।

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত অৱশেষত আজি বিয়লি ২.৫০ বজাত এই জীৱনৰ পৰা মেলানি মাগিলে এইজন সংগীত প্ৰেমী শিল্পী।

১৯৩৬ চনত জন্ম হোৱা কৰ্মকাৰ প্ৰয়াত পিতৃ তীৰ্থবাসী কৰ্মকাৰৰ সংগীত চৰ্চাৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰামফ’নত চাইগল, পংকজ মল্লিক,পান্নালাল আদিৰ দৰে খ্যাতনামা সংগীতজ্ঞৰ গীত শুনি ডাঙৰ হোৱা কৰ্মকাৰে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই হাৰমনিয়াম বজাবলৈ শিকে। সেইযে আৰম্ভণি। ক্ৰমে বাঁহী আৰু পিছলৈ গীত গুণগুণাবলৈ লয়। আৰু ১৯৪৫-৪৬ চনৰ পৰাই সংগীতৰ শিক্ষা গ্ৰহণ কৰে। গোলাঘাট চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু হৰিশ গোস্বামীৰ চত্ৰছায়াত গোস্বামীৰ অৰ্কেষ্টাত বাঁহী সংগত কৰি সংগীতৰ জগতত অন্য এক খোজ পেলায়।

পিছত ১৯৫৪ চনত দেৱৰাজ ৰয় মহাবিদ্যালয়ত নাম ভৰ্তি হোৱাত প্ৰথম উকা কণ্ঠত গীত গাবলৈ আৰম্ভ কৰে। সেইসময়ত আন্তঃকলেজ সংগীত প্ৰতিযোগিতাত অংশ লৈ মহাবিদ্যালয়খনে শ্ৰেষ্ঠ সংগীত দলৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।

তেতিয়াৰ পৰা বৰ্তমানলৈকে এক বৰ্ণিল পৰিক্ৰমাৰে সংগীত জগতখনলৈ অনবদ্য বৰঙণি আগবঢ়াই গৈছে। এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ দৈনিক শিল্পীজনে প্ৰতিদিন হললৈ অহাটো এক নিয়ম বান্ধি লৈছিল। কেৱল হাৰমণিয়ামটো সাৰথি কৰি অকলশৰে গ্ৰীণৰূমত সংগীত সাধনা কৰা কৰ্মকাৰ সকলোৰে বাবে এটা চিৰ পৰিচিত দৃশ্য আছিল।

চ’ছাইটিৰ প্ৰাক্তন সভাপতি কৰ্মকাৰৰ ঔৰসতে ১৯৯৭ চনত গ্ৰীণৰূমৰ পৰা জন্ম হৈছিল “গ্ৰীণৰূমৰ আড্ডা” শীৰ্ষক এটা সংগীত অনুষ্ঠানৰ। এই গ্ৰীণ ৰূমৰ পৰাই সৃষ্টি হৈছে প্ৰায় ৪৫ টাতকৈ অধিক গীত আৰু ২৫০ টাকৈ গীতৰ সুৰ। সৃষ্টিৰ অনন্য ক্ষেত্ৰ এই গ্ৰীণ ৰূমৰ পৰাই ওলাইছিল কেইবাখনো সংগীতৰ চি ডি।

বিশেষকৈ তেওঁৰ সৃষ্ট “জয় জয় জয় জয় চন্দ্ৰ মুন্সী/তোমাক জনাওঁ প্ৰণাম… শীৰ্ষক এমেচাৰ গীতটিৰ জনপ্ৰিয়তাই প্ৰমাণ কৰে সংগীতৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য দখল। বহুদিনৰ পৰা শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত কৰ্মকাৰৰ এই গমন অসহনীয়।

এই কাৰণেই যে, তেওঁৰ অনুপস্থিতিত ম্লান পৰিব চ’ছাইটিৰ মঞ্চ। যিহেতু প্ৰত্যেকটো অনুষ্ঠানত উপস্থিত থকা তথা অনুজ সকলৰ বাবে তেওঁ আছিল পিতামহস্বৰূপ।

তেওঁৰ আৰ্শীবাদপুষ্ট হৈ আগবাঢ়ে গোলাঘাটৰ প্ৰতিজন শিল্পী। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন অসুস্থতাৰ অন্তত আজি ৮৫ বছৰ বয়সত কৰ্মকাৰে গোলাঘাটৰ অজস্ৰ গুণমুগ্ধ আৰু বহু আত্মীয় স্বজনক এৰি পৰলোক গমণ কৰে।

তেওঁৰ মৃত্যুত গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটি, ডেউকা নাট্য বিদ্যালয়, নবীন-প্ৰবীণ শিল্পী সমাজ আৰু বহু দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলিৰে সমবেদনা জ্ঞাপন কৰে।

Related News