NORTHEAST NOW (Assamese)

‘কা’ৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদ: গণশিল্পী সূৰ্য্য দাসৰ মন্তব্য,’কা’ৰ বাবে লাভ হ’ল অসমীয়াৰ

December 21, 2019 1:19 pm · ভার্গব হাজৰিকা
পুৰণিগুদামৰ সাংস্কৃতিক প্ৰতিবাদত গণ শিল্পী সূৰ্য দাস। ফটো: নৰ্থইষ্ট নাও

‘কা’ বিৰোধী আন্দোলনে সমগ্ৰ দেশতে সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বিপৰীতে অসমত বিভিন্ন জাতীয় দল-সংগঠন আৰু ৰাইজৰ স্বতঃফুৰ্ত সঁহাৰিৰ ফলশ্ৰুতিত শান্তিপূৰ্ণ ভাবে অব্যাহত আছে ‘কা’ বিৰোধী গণ-আন্দোলন।

নগাঁও জিলাৰ পুৰণিগুদাম আৰু চামগুৰিতো স্থানীয় ৰাইজে অঞ্চলটোৰ শিল্পী সকলৰ সহযোগত জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ব্যাপক ৰূপত গঢ়ি তুলিছে সাংস্কৃতিক প্ৰতিবাদ।

পুৰণিগুদামত এফালে যদি ৰাস উৎসৱ থলীত ‘কা’ বিৰোধী চৰিত্ৰৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে, আনফালে আকৌ সেই একেখন পুৰণিগুদামতে গণশিল্পী সূৰ্য্য দাসে স্বদেশ আৰু স্বজাতিৰ গান গাই ৰাইজৰ হৃদয়ত জাতীয় চেতনাৰ জোৱাৰ আনিছে।

শুকুৰবাৰে পুৰণিগুদামত এই দুই দৃশ্য সুলভ হৈ পৰিল স্থানীয় ‘কা’ বিৰোধী প্ৰতিবাদী ৰাইজৰ বাবে।

অব্যাহত থকা আন্দোলনৰ মাজতে পুৰণিগুদামৰ পাৰঘাটত অনুষ্ঠিত সাৰ্বজনীন ৰাস উৎসৱত সকলো স্তৰৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে শ্ৰীকৃষ্ণ আৰু শতাধিক গোপীৰ মাজত ‘কেব’ তথা ‘কা’ বিৰোধী ফলক বুকু, পিঠি আৰু মুৰত আৰি কেলি কৰা দেখা গ’ল এজন অভিনেতাক।

পুৰণিগুদামত “কা’ৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

ঠিক একেদৰে পুৰণিগুদামৰ কেঞাপট্টীত স্থানীয় সচেতন মঞ্চৰ উদ্যোগত ‘কা’ৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় সাংস্কৃতিক গণ-প্ৰতিবাদ।

প্ৰতিবাদৰ কাৰ্যসূচীত আমন্ত্ৰিত শিল্পী সূৰ্য্য দাসে অংশ গ্ৰহণ কৰি তেওঁৰ কালজয়ী গীত “মানুহ দেখিছো আজি, বহু মানুহ”কে আদি কৰি বহু কেইটা স্বদেশ আৰু স্বজাতিৰ গান গাই সম্প্ৰতি ৰাইজে চলাই নিয়া আন্দোলনটোক ক্ষীপ্ৰ কৰি তোলাৰ আহ্বান জনালে।

তেওঁৰ মতে ‘কা’ৰ পৰা এটাই লাভ হ’ল অসমীয়াৰ। ‘কা’য়ে অসমীয়া জাতিৰ সুপ্ত জাতীয় চেতনাক পুনৰবাৰ শিৰাই শিৰাই জাগ্ৰত কৰালে, প্ৰৱাহিত কৰালে নৱ প্ৰজন্মৰ মাজত।

এই আন্দোলনক বৰ্ষীয়ান শিল্পী গৰাকীয়ে নতুন অসমৰ সংগ্ৰাম আখ্যা দিয়াৰ লগতে জাতিৰ স্বাৰ্থৰ বিপৰীতে কাম কৰা ৰাজনৈতিক নেতা সকলক শিল্পী সূৰ্য্য দাসে পুৰণিগুদামৰ সাংস্কৃতিক প্ৰতিবাদী মঞ্চ খনৰ পৰাই বাৰুকৈয়ে তুলাধূনা দিয়া দেখা গ’ল।

Related News