অৰুণাচলৰ পৰ্বতাৰোহী আনশ্বুলৈ সৰ্বোচ্চ অভিযাত্ৰী বঁটা

Lead-5-750x375

অৰুণাচলৰ আনশ্বু জামছেনপালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ সৰ্বোচ্চ অভিযাত্ৰী বঁটা ‘টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসী অভিযান (Tenzing Norgay National Adventure Award) বঁটা। অহা ২৫ ছেপ্টেম্বৰত অৰুণাচলৰ শীৰ্ষ পৰ্বতাৰোহী আনশ্বুলৈ এই বঁটা আগবঢ়াব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

বিগত কেই বছৰত আনশ্বুৱে পৰ্বতাৰোহণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসামান্য কৃতক্ৰ্যতাৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

পাঁচ দিনত দুবাৰ এভাৰেষ্ট শৃগ জয় কৰি আনশ্বুৱে ইতিহাস সৃষ্টি কৰিছে। উল্লেখ্য যে ২০১৪ আৰু ২০১৫ চনত এভাৰেষ্ট আৰু ইয়াৰ দাঁতিকাষৰীয়া এলেকাত সংঘটিত হোৱা হিমবাহ আৰু ভুমিকম্পৰ বাবে তেওঁ অভিযান আধাতেই সামৰিবলগীয়া হৈছিল। দুৰ্যোগদুটাত মুঠতে ১৬ গৰাকী শ্বেৰপা আৰু ২২গৰাকী পৰ্বতাৰোহীৰ মৃত্যু ঘটিছিল।

ইয়াৰ পাছতো এভাৰেষ্টত দ্বৈত আৰোহণ কৰা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ মহিলা পৰ্বতাৰোহীআৰু ৫ বাৰ এভাৰেষ্ট অভিযানলৈ যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে আনশ্বু।

পৰ্বতাৰোহণৰ ইতিহাসত ৬ দিনত তিনিটাকৈ হিমালয়ৰ শৃংগত আৰোহণ কৰি অসামান্য অভিলেখ সৃষ্টি কৰিছে আনশ্বুৱে। আৰোহণ কৰা শৃংগকেইটা হৈছে ২০০৭৫ ফুট উচ্চতাৰ লবুচে, ১৯৩৪৩ ফুট উচ্চতাৰ পোখালদে আৰু ২০৩৫৩ ফুট উচ্চতাৰ আইলে্ড পীক শৃংগ।

আনশ্বুৱে তেওঁৰ এই সন্মান উৎসৰ্গিত কৰিছে জীৱনৰ সৰু বৰ লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰা বিশ্বৰ সংগ্ৰামী মহিলাসকলৰ প্ৰতি।