যৌনভাৱে অক্ষম অৰুণাচল বিজেপিৰ সভাপতি, ছেক্স ভিডিঅ’ক প্ৰত্যাহ্বান পত্নীৰ ||Video||

Arunachal Pradesh BJP prez's sex video: Wife denies allegation, terms it as conspiracy

Communicate Arunachal প্ৰচাৰিত বিতৰ্কিত ভিডিঅ’টোৰ স্নেপশ্বট।

একেলগে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হ’ব লগা অৰুণাচল প্ৰদেশত বিজেপিৰ একাধিক শীৰ্ষ নেতা-বিধায়কৰ দলত্যাগৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰে ওলোৱা শাসকীয় দলটোৰ ৰাজ্যিক সভাপতিৰ “চেক্স ভিডিঅ’”ক ”ভুৱা” বুলি অভিহিত কৰিছে পত্নীয়ে।

চ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰা ভিডিঅ’টোক বিজেপিৰে একাংশৰ ”ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি অভিহিত কৰি সভাপতি তাপিৰ গাওৰ পত্নীয়ে কয় যে দায়েবিতিচ ৰোগী তেওঁৰ স্বামী যোৱা ২৩ বছৰে যৌন ক্ষমতাহীন।

“যোৱা ৩৫ বছৰ ধৰি মই গাওৰ সৈতে জীৱন কটাইছো। মই তেওঁৰ স্বাস্থ্যৰ বিষয়ে জানো। যোৱা ২৩ বছৰ ধৰি তেওঁ দায়েবিতিচ-সৃষ্ট বীৰ্য্যজনিত অক্ষমতা (seminal debility/ retrograde ejaculation?)ত আক্ৰান্ত, সেয়ে এগৰাকী গাভৰু ছোৱালীৰ সৈতে এনে এক অনৈতিক সম্পৰ্ক ৰক্ষা কৰিবলৈ তেওঁ সক্ষমেই নহয়,” ইষ্ট চিয়াং জিলাৰ ৰাস্কিনত সংবাদমেলযোগে মঙলবাৰে মন্তব্য বিজেপি নেতাজনৰ পত্নী দুই পাদুং গাওৰ।

ভিডিঅ’টো স্বামীৰ দল বিজেপিৰে একাংশই ষড়যন্ত্ৰমূলকভাৱে প্ৰস্তুত কৰা বুলিও দাবী কৰিছে পাদুঙে। “গাওৰ বিৰুদ্ধে বদনাম ৰটনাৰ এই ষড়যন্ত্ৰ ছমাহ পূৰ্বেই হৈছিল। মহিলাগৰাকীৰ সৈতে অনৈতিক কৰ্মৰ মৰ্ফদ ভিডিঅ’টো ই মে’ইল কৰি কোনোবা বদমাচে ফোন কৰি তেওঁক ১৫ কোটি টকা আৰু অৰুণাচল ইষ্ট সমষ্টিৰ টিকেট বিচাৰিছিল,” পাদুঙৰ মন্তব্য।

তথাপি যদি সন্দেহ আছে, স্বামী গাওৰ সঠিক স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে যৌন ক্ষমতাৰ মাপ লোৱাৰ বাবেও তেওঁ প্ৰস্তুত বুলি পাদুঙে প্ৰত্যাহ্বান জনায়।

ইয়াত ক্লিক কৰি Communicate Arunachal নামৰ ফে’চবুক পে’জটোৱে প্ৰচাৰ কৰা ভিডিঅ’টো চাওক

আনহাতে বিজেপি সূত্ৰই জানিবলৈ দিয়া মতে ঘটনাটো তদন্তৰ বাবে ৰাজ্য চৰকাৰে এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। ইটানগৰ আৰক্ষীয়েও ইতিমধ্যে ভিডিঅ’ লিংকটোৰ উৎস সন্ধান আৰম্ভ কৰিছে।

অৰুণাচল ইষ্টৰ পূৰ্বৰ সাংসদ গাৱে আসন্ন সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীৰূপে থিয় দিছে।