অৰুণাচলত প্ৰৱেশ কৰিব বিচৰা লোক সকলৰ বাধ্যতামূলক ক’ৰ’না টেষ্ট কৰা হ’ব : অৰুণাচল চৰকাৰ

Covid-19

অৰুণাচল চৰকাৰে ৰাজ্যখনলৈ আহিবলগীয়া সকলো ধৰণৰ ভ্ৰমণকাৰী সকলৰ বাবে ক’ৰ’নাৰ পৰীক্ষা বাধ্যতামূলক কৰিছে।

অৰুণাচল চৰকাৰে ৰাজ্যখনত প্ৰৱেশ কৰিবলগীয়া প্ৰৱেশ পথ সমূহত ৰেপিড এণ্টিজেন টেষ্ট (আৰ এ টি)ৰ জৰিয়তে ভ্ৰমণকাৰী সকলৰ ক’ৰ’নাৰ পৰীক্ষা কৰিব।

আনহাতে, এই ক’ৰ’নাৰ পৰীক্ষাত অৰুণাচলত প্ৰৱেশ কৰিব বিচৰা ভ্ৰমণকাৰী সকলৰ ফলাফল নিগেটিভ আহিলে তেওঁলোকক ৰাজ্যখনত মুক্তভাৱে চলাচল কৰিব দিয়া হ’ব আৰু ফলাফল প’জিটিভ আহিলে প’জিটিভ অহা লোক সকলক যাব বিচৰা ঠাই সমূহত হোম আইছ’লেশ্যন কৰা হ’ব।

দেশৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অৰুণাচল প্ৰদেশতো বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৰুণাচল চৰকাৰে ৰাজ্যখনৰ বোমডিলা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁও সমূহতো ল’কডাউন ঘোষণা কৰিছিল।