বিদ্ৰোহী সংগঠনৰ আক্ৰমণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ হেলিকপ্টাৰ! দায়িত্ব স্বীকাৰ কৰিছে ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে

Army helicopter crash

যোৱা ২১ অক্টোবৰত অৰুণাচল প্ৰদেশত সংঘটিত হোৱা ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰত আছিল বিদ্ৰোহী সংগঠন ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্ট, চমুকৈ আৰপিএফ! এক বিবৃতি যোগে সংগঠনটোৱে নিজেই স্বীকাৰ কৰিছে এই আক্ৰমণৰ দায়িত্ব।

বিবৃতিটোত আৰপিএফে কয় যে মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট আৰু আৰপিএফৰ সামৰিক শাখা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ কেডাৰসকলে আৰপিজি আৰু মৰ্টাৰ ব্যৱহাৰ কৰি অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন ধ্বংস কৰে।

আৰপিএফে বিবৃতিটোত লগতে কেন্দ্ৰীয় চৰকাৰক মণিপুৰ, নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় সশস্ত্ৰ বাহিনী প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।

উগ্ৰপন্থী সংগঠনটোৱে লগতে চৰকাৰে সেনাৰ প্ৰত্যাহাৰ নকৰিলে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈনিকসকলক আক্ৰমণ কৰি যাব সতৰ্ক কৰি দিছে।

আৰপিএফৰ এই বিবৃতি এতিয়া সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।অৱশ্যে, আৰপিএফৰ দ্বাৰা প্ৰকাশিত এই বিবৃতিটো কিমানদূৰ সত্য, নৰ্থইষ্ট নাও-এ সেই বিষয়ে স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নাই।

উল্লেখ্য যে, ২১ অক্টোবৰত অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ মিগিং গাঁৱৰ ওচৰত দুগৰাকী পাইলটসহ পাঁচগৰাকী কৰ্মচাৰী থকা ভাৰতীয় সেনাৰ ‘ৰুদ্ৰ’ নামৰ এখন উন্নত পাতল হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই শোকাৱহ দুৰ্ঘটনাত আটাইকেইগৰাকী জোৱানৰে মৃত্যু হৈছিল।

এই দুৰ্ঘটনাৰ আঁৰৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে ইয়াৰ পূৰ্বে মণিপুৰত অসম ৰাইফলছৰ কনভয়ত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

সেই আক্ৰমণত ‘৪৬ অসম ৰাইফলছ’ৰ কমাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু আঠ বছৰীয়া পুত্ৰসহ অসম ৰাইফলছৰ পাঁচগৰাকী জোৱান নিহত হৈছিল।