অৰুণাচলপ্ৰদেশৰ কেইগৰাকীমান ছাত্ৰই স্থানীয় জনসাধাৰণক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহিত কৰাৰ বাবে সম্পুৰ্ণ নিজা প্ৰচেষ্টাৰে এটা সামূহিক পুথিভঁড়াল নিৰ্মাণ কৰি উলিয়াইছে।
ছাত্ৰ কেইগৰাকীয়ে পুথিভঁড়ালটো নিৰ্মাণৰ ক্ষেত্ৰত সেই স্থানত থকা এটা পুৰণি চৰকাৰী জৰাজীৰ্ণ গৃহ ভাঙি নতুনকৈ পুথিভঁড়ালটো সাজি উলিয়াই।
অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ছাত্ৰ কেইগৰাকীৰ প্ৰচেষ্টাক শলাগ লয়।
‘‘পুনৰ নিৰ্মাণ, মজিয়া, ঘৰৰ ছাল, সা-সৰঞ্জাম সকলোখিনি ছাত্ৰ সকলে কৰিছে,’’ খাণ্ডুৱে পুথিভড়াঁল নিৰ্মাণৰ কামক প্ৰশংসা কৰি এইদৰে লিখে।
জানিব পৰা মতে, ছাত্ৰ কেইগৰাকীয়ে মাত্ৰ ৪০ দিনৰ ভিতৰতে সম্পুৰ্ণ পুথিভঁড়ালটো নিৰ্মাণ কৰি উলিয়াই।
আনহাতে, ছাত্ৰ কেইগৰাকীৰ এই প্ৰচেষ্টাক পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণেও আদৰণি জনাইছে।
শিক্ষাৰ প্ৰসাৰ আৰু কিতাপ পঢ়াৰ আগ্ৰহ বৃদ্ধিৰ বাবে ছাত্ৰ কেইগৰাকীয়ে লোৱা পদক্ষেপে অৰুণাচলত ছ’চিয়েল মিডিয়াতো চৰ্চা লাভ কৰিছে।