NORTHEAST NOW (Assamese)

‘আম’ৰ সৈতে কি সম্পৰ্ক আম আদমী পাৰ্টিৰ?কেজৰিৱালে আম,আলুপুৰী খোৱাৰ অভিযোগ EDৰ

April 18, 2024 3:12 pm ·

এইবাৰ আম,আলুপুৰীৰ দৰে সুস্বাদু ব্যঞ্জন খাই EDৰ ৰোষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ বৃহস্পতিবাৰে বলবৎকাৰী সঞ্চালকালয়ে আদালতত জনোৱা মতে, ডায়েবেটিছ ৰোগী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দৈনিক আম, আলু পুৰী, মিঠাই সেৱন কৰি তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰি চিকিৎসাৰ জামিনৰ বাবে আবেদন কৰিছিল। দিল্লী সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালে চিকিৎসকৰ পৰামৰ্শ বিচাৰি আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে ইডিয়ে আদালতত এই দাবী উত্থাপন কৰে।

আদালতে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰা খাদ্যৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আদালতে কেজৰিৱালৰ অধিবক্তাক টাইপ ২ ডায়েবেটিছ ৰোগী অৰবিন্দ কেজৰিৱালৰ নিৰ্ধাৰিত খাদ্যৰ তালিকা জমা দিবলৈয়ো নিৰ্দেশ দিয়ে।

Related News