NORTHEAST NOW (Assamese)

আপত লাগিল আন এক আঘাতঃ দল এৰিলে দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে

April 10, 2024 5:08 pm · এন ই নাও নিউজ, গুৱাহাটী

সুৰা নীতি কেলেংকাৰী গোচৰত বিপৰ্যস্ত হৈ পৰা আম আদমী পাৰ্টি আজি সন্মুখীন হৈছে আন এক বিপৰ্যয়ৰ। এইবাৰ দল ত্যাগৰ সমস্যাই জোকাৰিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোক।

দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা আপ নেতা ৰাজ কুমাৰ আনন্দই আজি মন্ত্ৰী পদৰ লগতে আপ দলৰ পৰাও পদত্যাগ কৰিছে। লোকসভা নিৰ্বাচনলৈ মাজত আৰু দহ দিনতকৈও কম সময় থকা অৱস্থাত এই বিপৰ্যয়ৰ সন্মুখীন হৈছে দলটো।

ইতিমধ্যেই দলৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আন এজন শীৰ্ষ নেতা মনীষ চিছ’দিয়াৰ কাৰাৰুদ্ধ অৱস্থাই চিন্তিত কৰিছে আপক। তেনে অৱস্থাত আনন্দৰ দল ত্যাগে দলটোক পুনৰ বেকফুটলৈ ঠেলি দিছে।

মূলতঃ সুৰা নীতিৰ উত্থাপিত কেলেংকাৰীৰ বাবেই দল ত্যাগৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে ৰাজ কুমাৰ আনন্দই। তেওঁ লগতে আপক দুৰ্নীতি বিৰোধী গোটৰ পৰা দুৰ্নীতিৰ সৈতে জড়িত দললৈ পতন ঘটা বুলি অভিহিত কৰিছে।

দিল্লী চৰকাৰৰ সমাজ কল্যাণ, অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আহিছিল আনন্দই। নিজ সিদ্ধান্তৰ কথা সদৰী কৰি তেওঁ কয়, “দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আপৰ শক্তিশালী বাৰ্তা দেখি মই আপত যোগদান কৰিছিলো।”

কিন্তু আজি দলটোৱে নিজকে দুৰ্নীতিৰ মাজত সোমোৱাই ৰাখিছে বুলি ক্ষোভ প্ৰকাশ কৰি এনে কাৰণতে মন্ত্ৰী পদৰ লগতে আম আদমী পাৰ্টি ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি সদৰী কৰে ৰাজ কুমাৰ আনন্দই।

Related News