Home › দেশ “জামিন পালেও চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব”! কেজৰিৱালক উদ্দেশ্যি উচ্চতম ন্যায়ালয় May 7, 2024 7:47 pm · এন ই নাও নিউজ, গুৱাহাটী আবকাৰী গোচৰত বন্দী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন গোচৰত উচ্চতম ন্যায়ালয়ে ইডিৰ সন্মুখত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। মঙলবাৰে শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীয়ে দাখিল কৰা গোচৰটো সাধাৰণ গোচৰ নহয়। একে সময়তে বিচাৰপীঠে ইডিক কয় যে, “আপুনি কাৰোবাৰ জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে” শীৰ্ষ আদালতেও কয় যে কেজৰিৱাল এজন মুখ্যমন্ত্ৰী। উচ্চতম ন্যায়ালয়ে লগতে কয় যে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন লাভ কৰিলেও তেওঁ কোনো চৰকাৰী ফাইলত স্বাক্ষৰ কৰিব নোৱাৰিব। ২১ মাৰ্চত দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত বন্দী হৈ আছে। কেজৰিৱালে প্ৰথমে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল তেওঁৰ গ্ৰেপ্তাৰ ‘অবৈধ’ বুলি দাবী কৰিছিল। কিন্তু চলিত মাহৰ আৰম্ভণিতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই এই আবেদন খাৰিজ কৰাৰ পৰাতে আপৰ মুৰব্বীগৰাকী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি ইডিয়ে আদালতত কয় যে অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ হোৱা সকলোৰে সমান অধিকাৰ আছে। কেজৰিৱালক জামিন দিলে ভুল বাৰ্তা আহিব। তদন্তৰ উদ্দেশ্যে ছমাহত ৯ বাৰ তেওঁক চমন কৰা হৈছিল। কিন্তু তেওঁ এবাৰো হাজিৰ হোৱা নাছিল। উচ্চতম ন্যায়ালয়ে কয় যে দেশত সাধাৰণ নিৰ্বাচন চলি আছে, আমি কেতিয়াও ইয়াক আওকাণ কৰিব নোৱাৰো। ‹ বলীউডত অমিতাভ বচ্চনৰ পিছতেই মই : নিৰ্বাচনী… পিতৃ-মাতৃৰ কাজিয়া : ৬ বছৰীয়া মূক-বধিৰ শিশুক… › Related Newsঅসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্যJuly 10, 2026 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?July 10, 2026 1:35 pm · এন ই নাও নিউজ, গুৱাহাটী গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীওJuly 10, 2026 11:34 am · এন ই নাও নিউজ, গুৱাহাটী ২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবেJuly 10, 2026 10:36 am · এন ই নাও নিউজ, গুৱাহাটী ‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰJuly 10, 2026 9:31 am · এন ই নাও নিউজ, গুৱাহাটী