NORTHEAST NOW (Assamese)

গুজৰাটত হাৰাশাস্তিৰ সন্মুখীন কেজৰিৱাল! বদোদৰা বিমানবন্দৰত বিজেপি কৰ্মীৰ গালি-গালাজ

September 20, 2022 6:36 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত বিজেপি কৰ্মীসকলে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱাল গুজৰাটৰ বদোদৰা বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে বিজেপি কৰ্মীসকলে ‘মোডী মোডী’ শ্ল’গান দি তেওঁক গালি-গালাজ কৰাৰ অভিযোগ কৰা হৈছে।

বিজেপি কৰ্মীসকলৰ শ্ল’গানৰ প্ৰতিক্ৰিয়া স্বৰূপে বদোদৰা বিমানবন্দৰলৈ অহা আপ নেতা আৰু কৰ্মীসকলে ওলোটাই প্ৰতিবাদী শ্ল’গান দিয়াৰ ফলত বিমানবন্দৰ চৌহদত সাময়িক উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।

লগতে পঢ়ক: মোডী মন্ত্ৰীসভাৰ সদস্য নাৰায়ণ ৰাণেৰ ঘৰৰ অবৈধ অংশ দুসপ্তাহৰ ভিতৰত ভঙাৰ নিৰ্দেশ বোম্বাই উচ্চ ন্যায়ালয়ৰ

বদোদৰা চহৰত এক দলীয় সভাত কেজৰিৱালে অভিযোগ কৰে যে বিজেপি শাসিত গুজৰাটৰ প্ৰশাসনে তেওঁলোকক সভা-বৈঠক অনুষ্ঠিত কৰাত বাধা দিছে।

তেওঁ কয়,”আমাৰ সভা আৰু বৈঠকত অনুমতি নিদিবলৈ ভূমি, হল আৰু অতিথিশালাৰ কমেও ১৩ গৰাকী মালিকক ভাবুকি দিয়া হৈছে।”

গুজৰাটৰ বিধানসভা নিৰ্বাচন এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে কেজৰিৱালে মোডীৰ ৰাজ্যলৈ ধাৰাবাহিক ভ্ৰমণ আৰম্ভ কৰিছে। তেওঁ দাবী কৰে যে গুজৰাটক তিনি দশকৰ বিজেপি আৰু কংগ্ৰেছ প্ৰভাৱৰ পৰা মুক্ত কৰা হ’ব।  গেৰুৱা শিবিৰৰ সৈতে আপৰ পোনপটীয়া যুঁজ হ’ব।

লগতে পঢ়ক: Actress Suicide: ফ্লেটৰ পৰা উদ্ধাৰ জনপ্ৰিয় অভিনেত্ৰীৰ মৃতদেহ; পোৱা গৈছে ছুইচাইড নোট

কেজৰিৱালে কয়, “যদি আপ শাসনলৈ আহে গুজৰাটত অবৈধ সুৰাৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনিখন পুনৰ আৰম্ভ কৰা হ’ব।”

Related News