NORTHEAST NOW (Assamese)

বিজেপিয়ে ২৩০খন আসন পালেও গঠন কৰিব নোৱাৰিব চৰকাৰ- দাবী অৰবিন্দ কেজৰিৱাল

May 12, 2024 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

২১ মাৰ্চত আবকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ৫০ দিনৰ অন্তত শুকুৰবাৰে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিনত জেলৰ পৰা মুকলি কৰি দিয়া হয়। লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ২১ দিনৰ জামিন মঞ্জুৰ কৰে। শনিবাৰে পুৱাৰে পৰা কেজৰিৱালে প্ৰচাৰ আৰম্ভ কৰে। আৰু প্ৰচাৰ আৰম্ভ কৰাৰ পৰাই তেওঁ বিজেপিক অবিৰতভাৱে আক্ৰমণ চলাই আহিছে।

দিল্লীৰ মুখ্যমন্ত্রীৰ দাবী যে এইবাৰ বিজেপিয়ে কোনো ধৰণে কেন্দ্রত চৰকাৰ গঠন কৰিব নোৱাৰিব৷ হাৰিয়ানা, ৰাজস্থান, কৰ্ণাটক, দিল্লী, বিহাৰ, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ আসন হেৰুৱাব বিজেপিয়ে। কোনো ৰাজ্যতে তেওঁলোকৰ আসন বৃদ্ধি নহয়। ইয়াৰ পাছতে তেওঁ কয় যে, ‘কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত মই নিৰ্বাচনী বিশেষজ্ঞ আৰু মানুহৰ সৈতে কথা পাতিলোঁ আৰু গম পালোঁ যে বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিব। ২২০-২৩০ খনতকৈ বেছি আসন নাপাব বিজেপিয়ে। ৪ জুনত চৰকাৰ গঠন কৰিব মিত্ৰজোঁট ‘ইণ্ডিয়া’ই। আপ সেই চৰকাৰৰ অংশ হ’ব৷’

ইয়াৰ উপৰিও কেজৰিৱালে দিল্লীবাসীক দিয়া প্ৰতিশ্ৰুতি, “মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ চৰকাৰ গঠন হ’লে দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।”

অৱশ্যে কেজৰিৰ এই দাবীক বিজেপিয়ে উপহাস কৰে। দিল্লীৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে আমাৰ প্ৰতি ঘৃণা থকাৰ পিাছতো আপ নেতাসকলে কয় যে আমি ইমানবোৰ আসন পাম। অৰ্থাৎ শাসকীয় মিত্ৰজোঁটে প্ৰায় দুগুণ আসন পাব।

Related News