যদি পতিয়ে মোডীৰ নামত জয়ধ্বনি দিছে, তেন্তে তেওঁক ৰাতিৰ আহাৰ নিদিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মহিলা ভোটাৰক এনে পৰামৰ্শই দিলে।
লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। শাসক বিৰোধী দলৰ নেতাসকলে তীব্ৰ প্ৰচাৰ চলাইছে। ৰাজনৈতিক নেতাসকলে তাৰমাজতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰক বিভিন্ন আৱেদন আৰু পৰামৰ্শ আগবঢ়াইছে।
অৱশ্যে আম আদমি পাৰ্টিৰ মুৰব্বীয়ে যেন সকলোকে চেৰ পেলাইছে নির্বাচনত৷ মহিলা ভোটাৰক ‘পৰামৰ্শ’ দিয়াৰ সময়ত তেওঁ এই অদ্ভুত মন্তব্য কৰে।
শনিবাৰে দিল্লীত অনুষ্ঠিত হোৱা ‘মহিলা সন্মান সমাৰোহ’ অনুষ্ঠানত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাত তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোডীৰ নামত বহু লোকে শ্লোগান দি আছে। যদি আপোনালোকৰ পতিয়েও মোডীৰ নামত জয় ধ্বনি চিঞৰিছে, তেন্তে ৰাতিৰ আহাৰ নিদিব।”
লগতে পঢ়কঃ খেলা হ’ব! তৃণমূলৰ প্ৰাৰ্থী তালিকাত ডাঙৰ চমক ক্ৰিকেটাৰ ইউছুফ পাঠান, প্ৰতিদ্বন্দ্বী ডাঙৰ নেতা
উল্লেখ্য যে শেহতীয়াকৈ দিল্লীৰ আপ চৰকাৰে ঘোষণা কৰিছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ‘মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা’ৰ অধীনত ১৮ বছৰ আৰু তাৰ ওপৰৰ মহিলাসকলে মাহে ১০০০ টকা লাভ কৰিব।
শনিবাৰে এই প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ দিল্লী টাউন হলত এখন সভাৰ আয়োজন কৰা হৈছিল। চৰকাৰী প্ৰকল্পৰ কথা কবলৈ গৈ কেজৰিৱালে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰে। তেওঁ মহিলাসকলক মোডীক ভোট নিদিবলৈ আহ্বান জনায়।
উক্ত অনুষ্ঠানত কেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত বহু লোকে জয়ধ্বনি দিয়ে। তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে উপস্থিত মহিলাসকললৈ আৱেদন জনায়, ‘আপোনালোকে মোক সমৰ্থন কৰাৰ আৰু আপকে ভোট দিব বুলি শপত খাওক । কেজৰিৱালে নিজকে মহিলা ভোটাৰসকলৰ ভাতৃ বুলিও ঘোষণা কৰে।‘
লগতে পঢ়কঃ বিজেপিৰ শেষ কথা? ‘বিজেপিক দুই তৃতীয়াংশ আসনত জিকালেই সংবিধানৰ পৰা আঁতৰিব ধৰ্মনিৰপেক্ষতা’
কেজৰিৱালে তেওঁৰ চৰকাৰৰ কেইবাটাও কামৰ খতিয়ান দাঙি ধৰে। একে সময়তে তেওঁ বিজেপিক আক্ৰমণ কৰি কয়, “মই বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া বাছ সেৱা দিলোঁ আৰু এতিয়া মই মহিলাক মাহে ১০০০ টকা দিছো। বিজেপিয়ে আপোনালোকৰ বাবে কি কৰিলে? বিজেপিক কিয় ভোট দিব? এইবাৰ কেজৰিৱালকে ভোট দিয়ক।”
ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাৰ ভোট আকৰ্ষণ কৰিবলৈকে কেজৰিৱালৰ এই মন্তব্য।