• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলা হ’ব! তৃণমূলৰ প্ৰাৰ্থী তালিকাত ডাঙৰ চমক ক্ৰিকেটাৰ ইউছুফ পাঠান, প্ৰতিদ্বন্দ্বী ডাঙৰ নেতা

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
March 11, 2024 9:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াৰ সদস্য ক্ৰিকেটাৰ ইউছুফ পাঠান এইবাৰ ৰাজনীতিৰ খেলপথাৰত। ইৰফান পাঠানৰ ককায়েকে নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে। ৪১ বছৰীয়া ইউছুফক লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বহৰমপুৰৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। অৰ্থাৎ তেওঁ ৰাজ্যৰ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি অধীৰ চৌধুৰীৰ বিৰুদ্ধে যুঁজ দিব।

দেওবাৰে তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পায়। তাত আটাইতকৈ ডাঙৰ চমক হৈছে ইউছুফ পাঠানৰ তৃণমূলত যোগদান। যদিও তেওঁৰ ৰাজনীতিৰ অভিজ্ঞতা নাই, তথাপিও পশ্চিমবংগৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। তেওঁ দীৰ্ঘদিন ধৰি আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল।

দেওবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মহুৱা মৈত্ৰ, ৰচনা বেনাৰ্জী, জুন মালিয়াৰস সৈতে তৃণমূলৰ মঞ্চত দেখা যায় পাঠানক। তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তৃণমূলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Apply Now

লগতে পঢ়কঃ বিজেপিৰ শেষ কথা? ‘বিজেপিক দুই তৃতীয়াংশ আসনত জিকালেই সংবিধানৰ পৰা আঁতৰিব ধৰ্মনিৰপেক্ষতা’

ইউছুফ পাঠানে কয়, “মই দিদিক প্ৰায় ১২ বছৰ ধৰি চিনি পাওঁ। অভিষেকৰ সৈতে মাত্ৰ এতিয়া কথা হৈছে। মোক তৃণমূলৰ প্ৰাৰ্থী কৰাৰ বাবে কৃতজ্ঞ।”

ইউছুফৰ জন্ম মোডীৰ চহৰত। বৰোদাৰ গুজৰাটী পৰিয়ালত জন্ম। সৰুৰে পৰা ক্ৰিকেট খেলি ভাল পাইছিল। বৰোদা বয়সভিত্তিক দলৰ নিয়মীয়া সদস্য আছিল। ২০০৭ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। দেওধৰ ট্ৰফীত এটা ভাল প্ৰদৰ্শনে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে।

২০০৭ চনত প্ৰথম টী-২০ বিশ্বকাপৰ বাবে দলত সুযোগ পাইছিল। ভাৰত-পাকিস্তানৰ ফাইনেল খেলখনত দেশৰ জাৰ্চিত অভিষেক ঘটে। ২০১২ চনলৈকে তেওঁ দেশৰ জাৰ্চি পিন্ধি টী-২০ ক্ৰিকেট খেলিছিল। ২০০৮ চনত এদিনীয়া ক্ৰিকেটত পদাৰ্পন কৰে। ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলৰো সদস্য আছিল।

আই পি এলৰ প্ৰথমৰ পৰাই ৰাজস্থান ৰয়েলছৰ সদস্য আছিল। শ্বেন ৱাৰ্ণৰ দলটোৱেও আই পি এলত জয়লাভ কৰে। ইউছুফে ২০১১ চনৰ পৰা ২০১৭ চনলৈ একেৰাহে ছয় বছৰ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল। অৱসৰৰ পিছত ইউছুফে নিয়মিতভাৱে লিজেণ্ডছ ক্ৰিকেট লীগত অংশগ্ৰহণ কৰিছে।

লগতে পঢ়কঃ সম্পত্তি বিক্ৰী কৰি হ’লেও ভৰিব লাগিব : নীৰৱ মোদীক ৮০ লাখ ডলাৰৰ জৰিমনা বিহিলে লণ্ডনৰ আদালতে

২২ গজত বিগ হিটাৰ হিচাপে পৰিচিত। আনায়াসে ছিক্সাৰ মাৰিব পাৰে। তেওঁৰ নিজৰ দিনটোত অকলেই মেচ জিকোৱাৰ ক্ষমতা থাকে। ৰাজনীতিৰ খেলপথাৰত এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ইউছুফ। তেওঁৰ বিৰুদ্ধে খেলিব অভিজ্ঞ ৰাজনীতিবিদ অধীৰ চৌধুৰী। প্ৰশ্ন হৈছে, ৰাজনীতিৰ মঞ্চতো ইউছুফে ছিক্সাৰ মাৰিবলৈ সক্ষম হ’বনে?

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd