Home › দেশ অৰবিন্দ কেজৰিৱালক জেলত হত্যাৰ ষড়যন্ত্ৰ চলিছে-অভিযোগ পত্নী সুনীতা কেজৰিৱালৰ April 21, 2024 7:44 pm · দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দেওবাৰে দাবী কৰে যে তিহাৰ জেলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ চলিছিল। লগতে আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীৰ প্ৰতিটো আহাৰ গ্ৰহণ কৰ্তৃপক্ষই নিৰীক্ষণ কৰি থকা বুলিও সুনীতাই দাবী কৰে৷ সুনীতা কেজৰিৱালে কয় যে, ” কেজৰিৱালে আহাৰ গ্ৰহণ কৰাৰ সময়ত কেমেৰা লগোৱা হয়। তেওঁ কৰা প্ৰতিটো কামৰ নিৰীক্ষণ কৰা হয়। এয়া যথেষ্ট লজ্জাজনক। তেওঁ এজন মধুমেহৰ ৰোগী আৰু ১২ বছৰ ধৰি ইনচুলিন গ্ৰহণ কৰি আছে, কিন্তু জেলত ইনচুলিনৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যা কৰিব বিচাৰে।” ইয়াৰ উপৰিও ভাষণত সুনীতা কেজৰিৱালে বৰ্তমানৰ শাসন ব্যৱস্থাক ‘একনায়কত্ববাদ’ বুলি অভিহিত কৰে কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক দোষী সাব্যস্ত নোহোৱাকৈয়ে কাৰাগাৰত ভৰাই থোৱা হৈছে। লগতে সুনীতা কেজৰিৱালে কয় যে “অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ বাবে নিজৰ জীৱন বাজীত লগাইছে।তেওঁ এজন আইআইটিআন, তেওঁ বিদেশলৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ দেশপ্ৰেমক অগ্ৰাধিকাৰ দিয়ে। আইআৰএছ হিচাপে তেওঁ জনসেৱা কৰিবলৈ অৱসৰ লৈছিল।” সুনীতা কেজৰিৱালে এই কথাও আঙুলিয়াই দিয়ে যে যোৱা মাহত দিল্লী সুৰা নীতিৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱাল এজন ডায়েবেটিছ ৰোগী আৰু যোৱা ১২ বছৰ ধৰি প্ৰতিদিনে ৫০ ইউনিট ইনচুলিন গ্ৰহণ কৰি আহিছে। ‹ ডিব্ৰুগড়ত আৰক্ষী কনিষ্টবলক খুন্দা নৈশ বাছৰঃ চালকৰ… স্বাধীনতাৰ ৭৬ বছৰ পাছত প্ৰথমবাৰৰ বাবে মিৰ্জাপুৰৰ… › Related Newsইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাতJuly 31, 2026 6:30 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁওJuly 30, 2026 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী ২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!July 30, 2026 7:56 pm · এন ই নাও নিউজ, গুৱাহাটী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন : চিলিং খহি পৰি চাৰিজন ৰোগী আহতJuly 30, 2026 7:27 pm · এন ই নাও নিউজ, গুৱাহাটীনিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?July 30, 2026 6:46 pm · এন ই নাও নিউজ, গুৱাহাটী