• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত মধ্য অসমত ফাঁট মেলিব নেকি অগপ-বিজেপি মিত্ৰজোঁটৰ? তেজপুৰত নিষ্কন্টক নহয় বৃন্দাবন!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 6:49 pm
EuzMePQXUAA5Tls

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে মিত্ৰজোঁট বিজেপি আৰু অগপৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈ পৰিছে।

এসময়ত অগপৰ দুৰ্গ স্বৰূপ মধ্য অসমৰ বিশ্বনাথ আৰু তেজপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ তীব্ৰ সংঘাত সৃষ্টিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

মিত্ৰতাৰ সূত্ৰ অনুসৰি যোৱা বছৰ বিশ্বনাথ সমষ্টিটো বিজেপিক এৰি দিয়াৰ পাছত এইবাৰ অগপই পুনৰ সমষ্টিটোত দলীয়া প্ৰাৰ্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে।

বিগত সময়ছোৱাত বিশ্বনাথৰ বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ভূমিকাক লৈ সন্তষ্ট নহয় অগপ দল। তদুপৰি, অগপৰ ভেটি থকা সমষ্টিটো ক্ৰমে বিজেপিয়ে নিজৰ হাতলৈ নিয়াৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।

কিন্তু মধ্য অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি তেজপুৰৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে। কিয়নো ইয়াত বিগত ২৫ বছৰ ধৰি বিধায়ক হৈ আছে অগপৰ প্ৰতিষ্ঠাকালৰ নেতা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী।

আগন্তুক বিধানসভাৰ নিৰ্বাচনত তেজপুৰত বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থিত্বকলৈ তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। সেয়ে, বিধায়কগৰাকীয়ে এতিয়া শক্তি প্ৰদৰ্শনৰ বাবে তৎপৰতা প্ৰদৰ্শনৰ চেষ্টা চলাইছে।

ইপিনে, তেজপুৰৰ ৰাইজৰ সেমেকা সঁহাৰিয়ে বিধায়কগৰাকীৰ আশাত চেঁচাপানী ঢালিছে।

দেওবাৰে বৃন্দাবন গোস্বামীৰ বিধায়ক হিচাপে ২৫ বছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উপলক্ষে তেজপুৰ হাইস্কুল খেলপথাৰত আয়োজন কৰা ব্যয়বহুল অনুষ্ঠানত তাৰেই প্ৰতিফলন ঘটিল।

২৫ বছৰ কাল তেজপুৰক প্ৰতিনিধিত্ব কৰা বৃন্দাবন গোস্বামীৰ সভাত অতি কমেও ২৫হাজাৰ লোক উপস্থিত হ’ব লাগিছিল যদিও ২হাজাৰ মান লোকো উপস্থিত নাথাকিল।

নিজকে জাতীয়তাবাদৰ অন্যতম কাণ্ডাৰী বুলি দাবী কৰা গোস্বামীৰ বিয়াগোম আয়োজনত থলুৱা লোকৰ সেৰেঙা উপস্থিতি তথা জাতীয়তাবাদী শিৱিৰৰ লোকৰ অসহযোগে মুলসুঁতিৰ অসমীয়া সমাজত গোস্বামীৰ জনপ্ৰিয়তা দ্ৰুতগতিত হ্ৰাস পোৱাটোকেই প্ৰমান কৰে।

সচেতন মহলে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া অনুসৰি ২৫ বছৰ কাল বিধায়কৰূপে থাকি গোস্বামীয়ে তেজপুৰখনক ২৫বছৰ পিছুৱাই ৰাখিলে।

বিধায়কগৰাকীয়ে তেজপুৰৰ গৰাখহনীয়া, কৃত্ৰিম বানপানী, যানজঁটৰ সমস্যা, সন্দেহজনক লোকৰ আগ্ৰাসন আদিকে ধৰি তেজপুৰৰ বিভিন্ন সমস্যা সম্পৰ্কত ২৫বাৰো বিধানসভাৰ মজিয়াত থিয় নিদিয়া বুলি ৰাইজে চৰ্চা কৰা দেখা গৈছে।

তেজপুৰৰ উন্নয়নৰ বাবে আৱন্টিত ধনৰ পূৰ্ণ ব্যৱহাৰ নহৈ ঘুৰি যোৱা কাৰ্যত ক্ষুন্ন হৈ পৰিছে তেজপুৰবাসী ৰাইজ।

জ্যোতি-বিষ্ণু আৰু ফনী শৰ্মাৰ সমাধি ক্ষেত্ৰৰ আকাংখিত উন্নয়ন আৰু কলাগুৰুৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ কাৰণে সংগ্ৰহালয়ৰ ব্যৱস্থা কৰিবলৈ কোনোধৰণৰ তৎপৰতা নেদেখুৱাত বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে তেজপুৰৰ বিদ্বৎ তথা সংস্কৃতিৱান সমাজ।

আনহাতে, সাধাৰণ ৰাইজৰ দৰে তৃণমূল পৰ্যায়ৰ বিজেপি কৰ্মীসকলো বিধায়কগৰাকীৰ কাৰ্যত বাৰুকৈয়ে অসন্তুষ্ট।

উল্লেখ্য যে যোচেফ টপ্পই বিজেপি আৰু অগপ সমৰ্থিত প্ৰাৰ্থীৰূপে তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত বিজেপিৰ পতাকা অগপৰ নিৰ্বাচনী কাৰ্যালয়ত লগোৱাত বাধা দিছিল বৃন্দাবন গোস্বামীয়ে।

তথাপি যোৱা বিধানসভা নিৰ্বাচনত তেওঁক মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হোৱাৰ কাৰণেই গোস্বামীক বিজয়ী কৰিবলৈ বিজেপি কৰ্মীসকল উঠিপৰি লাগিছিল। কিন্তু বিগত সময়ছোৱাত বৃন্দাবন গোস্বামীয়ে প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই তৃণমূল বিজেপি কৰ্মীসকলৰ আশা-আকাংখাৰ পিনে পিঠি দিছিল।

বিশেষকৈ ‘কা’-আন্দোলনৰ সময়ত মিত্ৰতাৰ ধৰ্ম পৰিহাৰ কৰি বৃন্দাবন গোস্বামীয়ে লোৱা স্থিতিয়ে বিজেপি কৰ্মীক বিপাঙত পেলাইছিল। বহুতৰ মতে বৃন্দাবন গোস্বামীৰ দুৰ্বল স্থিতিৰ বাবেই ‘কা’ আন্দোলনৰ সময়ত তেজপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটিছিল।

আনকি অসম চৰকাৰৰ বিলাসী আঁচনিসমূহৰ সফল ৰূপায়নৰ ক্ষেত্ৰত বিধায়কগৰাকীৰ হেমাহিয়ে তেজপুৰবাসীক বঞ্চিত কৰি ৰখাৰ অভিযোগ উঠিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজহাতে শুভাৰম্ভ কৰা খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ অসম চৰকাৰৰ অভিলাষী কাৰ্যসূচীৰ কাৰ্যকৰীকৰণত গোস্বামীৰ অনিহাত তেজপুৰৰ থলুৱা লোকসকল জাঙুৰ খাই উঠিছে।

তেজপুৰৰ দাতিকাষৰীয়া সমষ্টি ঢেকীয়াজুলি, বৰচলা, চতিয়াকে আদি কৰি প্ৰতিটো সমষ্টিতে খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ’ল, কিন্তু বৃন্দাবন গোস্বামীৰ বাবে বাদ পৰি ৰ’ল তেজপুৰ।

কৰ’না সংকটৰ সময়ত প্ৰায় নিৰুদ্দেশ হৈ থকা বিধায়কগৰাকীৰ প্ৰতি তেজপুৰবাসীৰ মনত স্বাভাৱিকতেই আস্থাহীনতাই গা কৰি উঠিছে।

বৃন্দাবন গোস্বামীৰ প্ৰতি তেজপুৰীয়া ৰাইজৰ পুঞ্জীভূত ক্ষোভৰ উমান পোৱা গৈছিল বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত। যোৱা পঞ্চায়ত নিৰ্বাচনত বৃন্দাবন গোস্বমীৰ নেতৃত্বৰ তেজপুৰ অগপই তেজপুৰ সমষ্টিৰ ১২টা পঞ্চায়তৰ মাত্ৰ এটা পঞ্চায়তহে দখল কৰিবলৈ সক্ষম হয় আৰু জিলা পৰিষদৰ চাৰিখন আসনতে মুখথেকেচা খায়।

এতিয়া বিজেপি দলে আগন্তুক বিধানসভা নিৰ্বাচনত তেজপুৰৰ দৰে গুৰুত্বপূৰ্ণ আসনখন নিজৰ হাতত ৰাখে নে প্ৰতিষ্ঠান বিৰোধী ঢৌত বিধ্বস্ত বৃন্দাবন গোস্বামীক এৰি দি কংগ্ৰেছৰ বিজয়ৰ পথ সুগম কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd