কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনিৰ ইংকিয়ং, বলেং আৰু পাচিঘাটত শুকুৰবাৰৰ দিনটোতো ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে ৷ ইংকিয়ংত ১.১১ মিটাৰ, বলেংত ০.৩২ মিটাৰ আৰু পাচিঘাটত ০.০৮ মিটাৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷
ইফালে যোৱা ১২ ঘন্টাত ডিব্ৰুগড়ত জলপৃষ্ঠ সামান্য নিম্নগামী হৈছে যদিও নিশালৈ জলপৃষ্ঠ বৃদ্ধি পাব বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ ৷
শুকুৰবাৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটত বিপদ সীমাৰ ০.৪৮ মিটাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷ নিমাতীঘাটত পুৱাতকৈ জলপৃষ্ঠ ০.০৮ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷
ইফালে শুকুৰবাৰৰ দিনটোত বোকাখাতৰ ধনশিৰিমুখত ধীৰ গতিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ পুৱাতকৈ ০.০৩ মিটাৰ বৃদ্ধি হৈছে জলপৃষ্ঠ আৰু বিপদসীমাৰ ০.৩৬ মিটাৰ তলৰে বৈ আছে ৷
উজনিৰ ইংকিয়ং আৰু বলেংত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উৰ্ধমুখী হোৱালৈ চাই অহা ৪ জুলাইৰ বিয়লিলৈ বা ৫ জুলাইলৈ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷
ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই ইতিমধ্যে সংকেত সীমা অতিক্ৰম কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো মন্থৰ গতিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী প্ৰবেশ কৰিছে ৷
ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেউটা বনাঞ্চলেই কম বেছি পৰিমানে প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ৷
কাজিৰঙাৰ দক্ষিণ সীমাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল কৰিডৰত বন্যপ্ৰাণীৰ প্ৰব্ৰজন আৰম্ভ হোৱা নাই যদিও সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এনিমেল কৰিডৰত গতিৰোধক স্থাপন কৰি ইতিমধ্যেই পহৰাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷