NORTHEAST NOW (Assamese)

প্ৰশ্নকাকত ফাদিল! ৰাজ্যৰ ১৫ খন ব্যক্তিগত বিদ্যালয়ে হেৰুৱালে এফিলিয়েছন; বাতিল পৰীক্ষা

March 23, 2025 11:25 am · এন ই নাও নিউজ, গুৱাহাটী

গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ২০২৫ চনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰিছে।

অন্যান্য প্ৰশ্নকাকতৰ নিৰাপত্তাক লৈ উদ্বেগৰ মাজতে ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া এই পৰীক্ষা বাতিল কৰা হৈছে।

২১ মাৰ্চত দ্বিতীয় হাফৰ বাবে নিৰ্ধাৰিত গণিতৰ প্ৰশ্নকাকতৰ ছীল কৰা পেকেটসমূহ ২০ মাৰ্চত কিছুমান প্ৰতিষ্ঠানত ফাদিল হোৱা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী তদন্তত একাধিক নিয়ম ভংগৰ প্ৰমান পোৱা যায়, যাৰ ফলত ব’ৰ্ডে আন বিষয়তো ফাদিল হোৱাৰ সম্ভাৱনাৰ সন্দেহ প্ৰকাশ কৰিছে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পৰীক্ষাৰ প্ৰট’কল উলংঘা কৰাৰ বাবে ১০খন জিলাৰ ১৫খন ব্যক্তিগত বিদ্যালয়ৰ এফিলিয়েছন ব’ৰ্ডে বন্ধ কৰি দিছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে এই অসৎ আচৰণৰ সৈতে জড়িত তিনিখন প্ৰাদেশিক বিদ্যালয়ৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে।

শিক্ষা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে আৰু কঠোৰ শাস্তিমূলক ব্যৱস্থা হিচাপে উক্ত বিদ্যালয়সমূহে ২০২৫–২৬ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাত বাধা আৰোপ কৰ হৈছে।

২৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডৰ বৈঠকে পৰীক্ষা প্ৰক্ৰিয়া আৰু সম্ভাৱ্য পুনৰ সূচী সন্দৰ্ভত অধিক ব্যৱস্থা নিৰ্ধাৰণ কৰিব।

ইপিনে, ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে শিক্ষা কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে।

আনহাতে, নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা বিদ্যালয়ৰ তালিকাত আছে ধেমাজি জিলা আৰু নগাঁও জিলাৰ তিনিখনকৈ বিদ্যালয়। এই তালিকাত আছে কাছাৰৰ দুখন বিদ্যালয়। বৰপেটা, বজালী, হাইলাকন্দি, কামৰূপ (মেট্ৰ)ৰ লগতে লখিমপুৰ, মাজুলী আৰু নলবাৰীৰ এখনকৈ বিদ্যালয় আছে। ইয়াৰোপৰি, প্ৰশ্নকাকত ফাদিল কৰা চৰকাৰী বিদ্যালয়ৰ তালিকাত আছে কামৰূপ(মেট্ৰ), কামৰূপ জিলা আৰু ধুবুৰীৰ তিনিখন বিদ্যালয়ৰ নাম।

Related News