IPL দুটা নতুন দল; কেতিয়া হ’ব নিলাম? ফ্ৰেন্সাইজিৰ তালিকাত নাম সোমাল গুৱাহাটীৰ

অহা ২০২২চনৰ আইপিএল টুৰ্ণামেন্টত দুটা নতুন দলৰ সংযোজন হ’ব। অহা ১৭ অক্টোবৰত এই নতুন দল দুটাৰ বাবে নিলামৰ আয়োজন কৰা হৈছে।

বাতৰি অনুসৰি, অহা ৫ অক্টোবৰলৈকে এই নিলামত অংশগ্ৰহণ কৰিব পৰা যাব। অহা আইপিএলত ৮টা দলেই খেলিব যদিও পৰৱৰ্তী ছিজনৰ পৰা ১০টা দলৰ টুৰ্ণামেন্টৰ আয়োজন কৰা হ’ব।

আনহাতে, ১৭ অক্টোবৰত আৰম্ভ হ’বলগীয়া এই নিলামৰ বাবে অহা ২১ ছেপ্টেম্বৰলৈকে এই সম্বন্ধীয় যাৱতীয় তথ্য সংগ্ৰহ কৰিব পাৰিব।

২০২১ আইপিএল টুৰ্ণামেন্টৰ দ্বিতীয় পৰ্যায়ৰ মেচ অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন মেচত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ।

কিন্তু ২০২২ আইপিএলৰ বাবে দুটা নতুন দল অন্তৰ্ভুক্ত কৰা হ’ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড পূৰ্বেই এই সিদ্ধান্ত লৈছিল। নতুন দল অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে।

এই নতুন দল অন্তৰ্ভুক্ত কৰাৰ বাবে আগষ্ট মাহৰ শেষত টেণ্ডাৰ আহ্বান কৰা হৈছিল। সেই অনুসৰি, ৫ অক্টোবৰৰ ভিতৰত ইচ্ছুক সংস্থাসমূহক টেণ্ডাৰ জমা দিবলৈ কোৱা হৈছে।

ভাৰতীয় ক্ৰিকেট বোৰ্ডে যিসমূহ চহৰৰ নামত ফ্ৰেন্সাইজিদিয়াৰ পৰিকল্পনা কৰিছে তাৰ তালিকাও ইতিমধ্যে প্ৰস্তুত কৰিছে। এই তালিকাত এইবাৰ নাম সোমাইছে গুৱাহাটীৰ।

ইয়াৰ পূৰ্বে আহমেদাবাদ আৰু লক্ষ্ণৌৰ এই দুখন চহৰৰ নামত দুটা নতুন দল অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিব পৰা গৈছিল। কিন্তু ভাৰতীয় ক্ৰিকেট বোৰ্ডে ৬খন চহৰৰ নাম তালিকাত ৰাখিছে। ইয়াৰ ভিতৰত দুখন চহৰক ফ্ৰেন্সাইজি দিয়া হ’ব।

ভাৰতীয় ক্ৰিকেট বোৰ্ডে নিলামৰ বাবে যি ৬খন চহৰৰ নাম ৰাখিছে সেইবোৰ হ’ল, গুৱাহাটী, ৰাঁচী, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা। দেশৰ জনপ্ৰিয় আইপিএল টুৰ্ণামেন্টখনত আঞ্চলিক সন্তুলনৰ কথা সন্মুখত ৰাখিয়েই এই চহৰকেইখনক নিৰ্বাচিত কৰা হৈছে।

অৱশ্যে, নিলাম ডাক কেতিয়া হ’ব সেয়া এতিয়াও ঠিক কৰা নাই যদিও অহা মাহত টেণ্ডাৰ মুকলি কৰাৰ পাছতে নিলামৰ দিন ফাইনেল কৰা হ’ব বুলি জানিব পৰা গৈছে।