পানীত পৰিল কৰদাতাৰ ১৩৩কোটি টকা; অচল সংসদৰ বাবে ‘সৰৱ’ বিৰোধীক দোষাৰোপ ‘নীৰৱ’ চৰকাৰৰ!

Parliament-750x375

প্ৰতিনিধিত্বমূলক ফটো।

সংসদত পেগাছাছ ইচ্ছ্যুক লৈ বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত সংসদ অচল হৈ পৰাৰ বাবে বিৰোধীৰ ওপৰত দোষ জাপি দিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে এক নতুন পৰিসংখ্যা।

চলিত বৰ্ষাকালীন অধিৱেশন অচল হৈ পৰাৰ বাবে কমেও ১৩৩কোটি টকা ক্ষতি হোৱাৰ দাবী কৰিছে কেন্দ্ৰই।

দাবী কৰা অনুসৰি, লোকসভাত এইবাৰ ৫৪ঘন্টা কাৰ্যসূচী চলিব পাৰিলেহেঁতেন যদিও মাত্ৰ ৭ঘন্টাহে চলিছে।

সেইদৰে, ৰাজ্যসভাত ৫৩ঘন্টাৰ পৰিৱৰ্তে মাত্ৰ ১১ ঘন্টাহে কাৰ্যসূচী চলিছে।

সকলো মিলি দুয়োখন সদন মিলি ১০৭ ঘন্টাৰ ভিতৰত মাত্ৰ ১৮ ঘন্টাহে কাৰ্যসূচী চলিছে। ইয়াৰ ফলত সাধাৰণ কৰদাতাৰ ১৩৩কোটি টকাৰ ক্ষতি হৈছে।

কেইদিনমান পূৰ্বে বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ সাংসদসকলক বিৰোধীৰ দোষসমূহ জনসাধাৰণৰ সন্মুখত দাঙি ধৰাৰ নিৰ্দেশ দিছিল।

পেগাছাছ ইচ্ছ্যুত চলিত অধিৱেশন প্ৰথমটো দিনৰ পৰাই বিৰোধীসকলে অচল কৰি ৰাখিছে। প্ৰতিদিনেই বাৰে বাৰে লোকসভা তথা ৰাজ্যসভাত সদন স্থগিত ৰাখিব লগা হৈছে।

এই পৰিস্থিতিত দলৰ সাংসদসকল সংসদ অচল কৰি তোলাৰ বাবে বিৰোধীসকৰ ভূমিকা দাঙি ধৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছিল।

ইপিনে, সংসদৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিৰোধী দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে সংসদৰ বিজেপিৰ নেতাসকলে। আনহাতে, বিৰোধীসকলৰ স্পষ্ট মত হ’লে যে বৈঠকত উপস্থিত থাকিলেও পেগাছাছ ইচ্ছ্যুত তেওঁলোকৰ স্থিতি অটল থাকিব।