১০০ অতিক্ৰম পেট্ৰলৰ মূল্য : পূৰ্বৰ চৰকাৰক দোষাৰোপ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰলৰ মূল্য ১০০ অতিক্ৰম কৰা বাবে পূৰ্বৰ ইউপিএ চৰকাৰক দোষাৰোপ কৰিছে।

বুধবাৰে তামিলনাডুৰ এটা তেল আৰু গেছ প্ৰকল্পৰ অনলাইন অনুষ্ঠানত বক্তব্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰে এখন বৈচিত্ৰময় দেশে ইন্ধনৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ ফলতে মধ্যবিত্তই মূল্যবৃদ্ধিৰ বোজা বব লগা হৈছে।

তেওঁ কয় যে এইক্ষেত্ৰত পূৰ্বৰ চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।

উল্লেখযোগ্য যে চলিত সপ্তাহটোত ৰাজস্থান, মধ্যপ্ৰদেশত পেট্ৰলৰ মূল্যই প্ৰতি লিটাৰত ১০০ অতিক্ৰম কৰাৰ লগতে ডিজেলৰ মূল্যই প্ৰতি লিটাৰত ৯২.১৩ টকা চুইছেগৈ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে পেট্ৰলৰ বিকল্প হিচাপে চৰকাৰে শেহতীয়াকৈ ইথানল উৎপন্ন কৰাত গুৰুত্ব দিছে।

তেওঁ কয় যে কুঁহিয়াৰৰ পৰা উৎপন্ন কৰি পেট্ৰলৰ স’তে সংযুক্ত কৰি প্ৰস্তুত কৰা ইথানলে পেট্ৰলৰ চাহিদা পূৰণ কৰাৰ উপৰিও খেতিয়কসকলৰ বাবেও বিকল্প আৰ্থিক উৎস হৈ পৰাৰ সম্ভাৱনা আছে।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে নবীকৰণযোগ্য শক্তি আৰু প্ৰাকৃতিক গেছক লৈ চৰকাৰৰ শেহতীয়া পদক্ষেপৰ কথাও অৱগত কৰে।