• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাপোৰ সলোৱাদি আদৰ্শ সলাই ‘বিজেপিৰ টুপী’ পিন্ধিলে CAB বিৰোধী আটাছু নেতা অশ্বিনী চেতিয়াই

"বিজেপি নেতৃত্বাধীন খিলঞ্জীয়াৰ চৰকাৰখনে অসমৰ জাতিসত্তা ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 25, 2019 8:34 pm
Ashini Chetia joining BJP

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত দলটোত যোগদানৰ মুহূৰ্তত আটাছুৰ সদ্য পদত্যাগী উপদেষ্টা অশ্বিনী চেতিয়া{ ফটো : য়ু বি।

448
VIEWS
Share on FacebookShare on Twitter

সিদিনালৈ বিজেপিৰ হিন্দু বাংলাদেশী সংস্থাপনৰ নীতিৰ বিৰুদ্ধে তেওঁ ৰাজপথ কঁপাইছিল। জনজাতিকৰণত হোঁহকা-পিছলা কৰা বাবেও বিজেপিৰ বিৰুদ্ধে আন্দোলন, অসম বন্ধ, সোণোৱাল-মোদীৰ পুত্তলিকা দাহ, ধৰ্ণা-প্ৰতিবাদৰ নেতৃত্ব দি জাতীয় সংগঠনৰ নেতাৰ ৰূপত এদিন আগলৈকে চিনাকি দি আছিল তেওঁ।

কিন্তু সন্মুখত এটা সুযোগ উপস্থিত হোৱাৰ লগে লগে আচল ৰং ওলাই পৰিল এইজন তথাকথিত নেতাৰ। কাপোৰ সলোৱা দি আদৰ্শ সলাব পৰা এই নেতাজন হ’ল আটাছুৰ সদ্য পদত্যাগী উপদেষ্টা অশ্বিনী চেতিয়া।

লোকসভা নিৰ্বাচনে অনা ৰাজনৈতিক বতাহত গা এৰি দি চেতিয়াই আজি বিজেপিৰ ‘টুপী’ পিন্ধি ‘চকীদাৰ’সকলৰ শাৰীত থিয় দিয়ে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা চেতিয়াই সোমবাৰে হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগ দিয়ে গেৰুৱা দলটোত।

বিজেপিত যোগ দিয়াৰ আগদিনালৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সংগঠনৰ নেতৃত্ব দিয়া চেতিয়াই বিজেপিত যোগদান কৰি কয়, “মানুহৰ জীৱনটোৱে এক সংগ্ৰাম। এটা সংগ্ৰামৰ ধাৰাৰ পৰা আজি মই আন এটা সংগ্ৰামৰ ধাৰাত যোগ দিছো। এই ধাৰাটোও এটা সংগ্ৰাম। বিজেপি নেতৃত্বাধীন খিলঞ্জীয়াৰ চৰকাৰখনে অসমৰ জাতিসত্তা ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে”।

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত দলটোত যোগদানৰ মুহূৰ্তত আটাছুৰ সদ্য পদত্যাগী উপদেষ্টা অশ্বিনী চেতিয়া{ ফটো : য়ু বি।

“নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন তেওঁৰ এক ভুল আছিল নেকি” বুলি সাংবাদিকে সোধা প্ৰশ্নত সৌ সিদিনালৈ বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি থকা চেতিয়াই ক’লে, “মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিখন চৰকাৰ চলি আছে মোৰ অনুভৱ যে এই চৰকাৰে কোনো কাৰণতেই অসমৰ খিলঞ্জীয়া জাতিসত্তাৰ হিতৰ বিপৰীতে গৈ কাম নকৰে”।

চেতিয়াৰ এই মন্তব্যৰ পাছত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হয়, “বিজেপি চৰকাৰক লৈ তেওঁৰ এনে অনুভৱ কেতিয়াৰ পৰা হ’ল?”

তাতো তেওঁৰ চালে-বেৰে কোবোৱা উত্তৰ, আকৌ ক’লে সংগ্ৰামৰ ধাৰাটো হেনো বেলেগ, তেওঁ হেনো বিজেপিৰ সৈতে হাতে হাত ধৰি অসমীয়া মানুহৰ বাবেহে কাম কৰিব বিচাৰে।

ইয়াৰ পাছত ‘জাতিধ্বংসী’ বিধেয়কক লৈ তেওঁৰ এতিয়া স্থিতি কি হ’ব বুলি সাংবাদিকৰ প্ৰশ্ন। কিন্তু এইবাৰ তেওঁৰ পৰা মাইক্ৰফোন নি উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে, “দলৰ স্থিতিয়েই তেওঁৰ স্থিতি”।

হিমন্ত বিশ্ব শৰ্মাৰ মতে সাংবাদিকে এই প্ৰশ্ন সোধাৰ হেনো অৰ্থই নাই।

উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত কংগ্ৰেছৰ পৰা টিকট বিচাৰি বিমুখ হৈছিল অশ্বিনী চেতিয়া। পিছত অসম সংগ্ৰামী মঞ্চৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ মাত্ৰ ১০ হাজাৰ ভোট লাভেৰে ৰৈছিল তৃতীয়ত। চেতিয়াই কালি আটাছুৰ পৰা উপদেষ্টা হিচাপে পদত্যাগ কৰিয়ে আজি বিজেপিত যোগদান কৰাটোৱে সংগঠনটোৰ ভিতৰে-বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত আহোম জনগোষ্ঠীৰ বহুতো লোক আৰু দল-সংগঠনে গৰিহণা দিছে অশ্বিনী চেতিয়াৰ এই গেৰুৱা টুপী পিন্ধা কাৰ্য্যক।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd