NORTHEAST NOW (Assamese)

ৰাজস্থান বিধানসভা নিৰ্বাচন : অশোক গেহলটে ঘোষণা কৰিলে আৰু পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি

October 30, 2023 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 30, 2023 7:46 pm

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰিলে আৰু পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি। জয়পুৰত সংবাদমেলৰ আয়োজন কৰি ৰাজ্যবাসীৰ বাবে কংগ্ৰেছ চৰকাৰৰ পাঁচটা বিশেষ প্ৰকল্পৰ কথা ঘোষণা কৰে। 

লগতে মোডী চৰকাৰকো আক্ৰমণ কৰে অশোক গেহলটে। ইয়াৰ উপৰিও ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী মাধ্যমৰ শিক্ষাৰ পৰা আৰম্ভ কৰি অ’পিএছ (পুৰণি পেঞ্চন আঁচনি)ৰ আইন আনিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

মুখ্যমন্ত্ৰী অশোক গেহলটে সাংবাদিকৰ আগত কয়, “ৰাজ্যৰ ৰাইজে যদি কংগ্ৰেছ চৰকাৰক পুনৰ ক্ষমতালৈ অহাৰ সুযোগ দিয়ে তেন্তে চৰকাৰী মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰীক আমি বিনামূলীয়াকৈ লেপটপ আৰু টেবলেট প্ৰদান কৰিম। 

লগতে গোধন আঁচনিৰ অধীনত চৰকাৰে কৃষকৰ পৰা প্ৰতি কিলোগ্ৰামত ২ টকাৰ হাৰত গৰুৰ গোবৰ কিনিব বুলিও ঘোষণা কৰে গেহলটে।

কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিলে ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষা সুনিশ্চিত হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

ৰাজ্যৰ প্ৰায় ১ কোটি মহিলাক স্মাৰ্টফোনৰ লগতে ৩ বছৰৰ বিনামূলীয়া ইণ্টাৰনেট সেৱা দিয়া হ’ব বুলিও তেওঁ কয়। 

প্ৰতিশ্ৰুতি ঘোষণাৰ সময়ত গেহলটে কয়, “মোডী জী, আপুনি হয়তো বুজিব পোৱা নাই, কিন্তু এতিয়া আপোনাৰ সময় শেষ।”

ইফালে বুধবাৰে ৰাজস্থানত প্ৰচাৰ চলাওঁতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও কিছু প্ৰকল্পৰ কথা ঘোষণা কৰে। তেওঁ কয় যে গৃহলক্ষ্মী আঁচনিৰ অধীনত ৰাজ্যৰ সকলো পৰিয়ালৰ মুৰব্বীক বছৰি ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব। 

লগতে ৰাজস্থানৰ প্ৰায় ১.০৫ কোটি পৰিয়ালক ৫০০ টকা ৰাজসাহায্যযুক্ত মূল্যত এল পি জি চিলিণ্ডাৰ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰিয়ংকাই ।

Related News