শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ সাজু হোৱা জি এম ডি এ প্ৰথমে গুৱাহাটীৰ অনিল নগৰত থকা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ প্ৰটেকৰ ২২ মহলীয়া অবৈধ অট্টালিকাটো ভাঙি দিয়ক । এই মন্তব্য আপ, অসমৰ উপ সভাপতি জিতুল ডেকাৰ।
আজি আপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত জিতুল ডেকাই কয় যে – গুৱাহাটী মহানগৰীত চৰম বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে। উন্নয়নৰ নামত জধে মধে গাঁত খান্দি ভয়ানক পৰিৱেশ কৰিছে। ক’ৰবাত যদি গাঁতত নপৰাকৈ প্ৰাণটো ৰক্ষা পৰে তেন্তে নিৰ্মীয়মান উৰণীয়া সেঁতুৰ তলেৰে গৈ থাকিলে ওপৰৰ পৰা লোহা নাইবা উল্কাপিণ্ডৰ দৰে জুইৰ ফিৰিঙতি পৰি সাধাৰণ লোক আঘাত প্ৰাপ্ত হব পাৰে। ৰাজধানী চহৰ খনত খোৱাপানীৰ সংকট, যাতায়তৰ উপযুক্ত ৰাস্তা নাই। উন্নয়নৰ নামত চৰকাৰী কাৰ্যালয় ভাঙিছে – পাতিছে, উৰণীয়া সেঁতু নিৰ্মাণ কৰা হৈছে। খোৱা পানীৰ দৰে মৌলিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰা চৰকাৰ খনে আকৌ উন্নয়নৰ নামত শিলসাঁকোত পুনৰ উচ্ছেদৰ বিভীষিকা নমাই আনিছে।
যোৱা ফ্ৰেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত চৰকাৰে শিলসাঁকোত উচ্ছেদ চলাই ৫ শতাধিক পৰিয়ালক উচ্ছেদ কৰিছে। সেই খিলঞ্জীয়া পৰিয়াল সমূহক আজিলৈ সংস্থাপন, ক্ষতিপুৰণ নিদিলে। ইয়াৰ পিছত এইবাৰ পুনৰ একেটা অঞ্চলত দুই শতাধিক পৰিয়ালক উচ্ছেদ চলাব ওলাইছে। কিন্তু GMDA অনিল নগৰত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰৰ মালিকানাধীন ‘ প্ৰটেক হাউচিঙ’ৰ ২০ মহলীয়া অবৈধ অট্টালিকাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। ইতিমধ্যে আপ,অসমে এই কথা ৰাজহুৱা কৰি বিষয়টো সন্দৰ্ভত ব্যৱস্থা লবলৈ ৰাজ্যপালৰ ওচৰত স্মাৰক পত্ৰও দাখিল কৰিছে। কিন্তু চৰকাৰে আজিলৈ এই ক্ষেত্ৰত কোনো ব্যৱস্থা নললে। এনে পৰিস্থিতিত একে GMDA শিলসাঁকোত উচ্ছেদ চলোৱাৰ কোনো নৈতিক অধিকাৰ নাই।
শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই অনিল নগৰত ‘ প্ৰটেক হাউচিঙৰ অবৈধ অট্টালিকাটো জোখ মাপ কৰি উচ্ছেদ চলাই দেখুৱাওক। কাৰণ সেই ২০ মহলীয়া অট্টালিকাটোলৈ অহা যোৱা কৰিবলৈ উপযুক্ত পথ নাই।এনে ক্ষেত্ৰত GMDA এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰিবলৈ কি দৰে অনুমতি দিছিল। মুখ্যমন্ত্ৰীয়ে সততে কয় যে তেওঁৰ চৰকাৰৰ দিনত দুৰ্নীতি হব নোৱাৰে।কিন্তু অশোক সিংঘালৰ প্ৰটেকৰ ক্ষেত্ৰত চৰকাৰৰ নীতি সুকীয়া বুলি প্ৰমাণ হৈছে। যদি আইন সকলোৰে বাবে সমান তেনেহলে শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে চৰকাৰে অনিল নগৰত প্ৰটেক হাউচিঙক অবৈধ নিৰ্মাণ চলাবলৈ দিয়া GMDA ৰ বিষয়া, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল, নাৰায়ণ ডেকাৰ বিৰুদ্ধে ব্যৱস্থা লওক। আপ ,অসম জলাশয় সংৰক্ষণৰ বিৰোধী নহয়। কিন্তু এই ক্ষেত্ৰত চৰকাৰে সমান দৃষ্টিভংগী লব লাগে। শিলসাকোঁক সংৰক্ষণ কৰিব বিচৰা চৰকাৰে আকৌ উত্তৰ গুৱহাটীৰ জলাশয় সমূহ এফালৰ পৰা পুতি পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰা পৰিলক্ষিত হৈছে।
আপ অসমৰ স্পষ্ট কথা শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে অনিল নগৰত প্ৰটেক হাউচিঙৰ কেলেংকাৰীৰ তদন্ত কৰি অভিযুক্ত সকলৰ বিৰদ্ধে ব্যৱস্থা গ্ৰহণ কৰক।