ভাৰত বনাম পাকিস্তানৰ বিবাদৰ বাবে এছিয়া কাপৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছে। কাৰণ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব নে নাই সেয়া নিশ্চিতভাৱে এটা ডাঙৰ প্ৰশ্ন। যদিহে ভাৰতীয় দলটোৱে এছিয়া কাপত খেলিব নোৱাৰে তেন্তে প্ৰতিযোগিতাখনৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিব। অৱশ্যে এতিয়া এছিয়া কাপক লৈ সন্দেহৰ ডাৱৰ কিছু পৰিমাণে পৰিষ্কাৰ হৈছে।
৫ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীত এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সূচী সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা চলি থকা বুলি জানিব পৰা গৈছে। কথিত অনুসৰি ৭ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন ক্ৰিকেট জগতখনে চাব পাৰিব। কিন্তু এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। সকলো আলোচনাৰ পৰ্যায়তে আছে।
মন কৰিবলগীয়া যে অহা ২৪ জুলাইত ঢাকাত এছিয়ান ক্ৰিকেট কাউন্সিলৰ এখন বৈঠক আছে।সেই বৈঠকতো অনিশ্চয়তা আছে। সেইদিনা এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ’ব নে নহয় সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি। সূত্ৰ অনুসৰি বৰ্তমানৰ পৰিস্থিতিত এছিয়া কাপৰ আয়োজন কৰাৰ সম্ভাৱনা দৃঢ় হৈছে। যদি এছিয়া কাপ বাতিল হয়, তেন্তে এটা বিকল্পৰ হিচাপে এছিয়া কাপৰ উইণ্ড’ত ত্ৰিকোণীয় টি-২০ ছিৰিজৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে।
ইয়াৰোপৰি আগষ্ট মাহত ভাৰতীয় দলটোৱে বাংলাদেশ ভ্ৰমণ কৰিব লাগিছিল। কিন্তু ভাৰতীয় ব’ৰ্ডে সেই ভ্ৰমণ পিছুৱাই দিছে। বাংলাদেশত এদিনীয়া আৰু টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল। এতিয়া এই খেলৰ কাৰণে আন দেশৰ সৈতে আন এক শৃংখলাৰ কথা চিন্তা কৰা হৈছে। বহু ক্ৰিকেট ব’ৰ্ডৰ সৈতে আলোচনাত মিলিত হৈছে বিচিচিআইৰ। শ্ৰীলংকাৰ ব’ৰ্ডৰ সৈতে আলোচনাত বহুখিনি আগবাঢ়িছে বুলিও শুনিবলৈ পোৱা গৈছে। টিম ইণ্ডিয়াই তাত তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া মেচ খেলাৰ সম্ভাৱনা আছে। আগন্তুক কেইদিনমানৰ ভিতৰত সকলো তথ্য প্ৰকাশ পাব।