• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 9:30 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহে তেওঁক ‘পৃথিৱীৰ আটাইতকৈ দয়ালু বিচাৰক’ বুলি মনত ৰাখিব। কেৱল বিচাৰকেই নহয়, তেওঁ ছ’চিয়েল মিডিয়াৰ তাৰকাও আছিল। তেওঁৰ বিচাৰ আৰু ৰায়দানত সমগ্ৰ বিশ্বই মুগ্ধ হৈ পৰিছিল। তেওঁৰ অনুৰাগী নথকা দেশ নাই। সেই ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান ঘটিছে।

বহুদিন কেন্সাৰৰ সৈতে যুঁজি অৱশেষত তেওঁ পৰাস্ত হয়। জীৱনৰ শেষ দিনটোলৈকে বিচাৰক হিচাপে থকা ‘পৃথিৱীৰ আটাইতকৈ ভাল বিচাৰক’ ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ফ্ৰেংকে নিজৰ ছ’চিয়েল মিডিয়া পেজত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত তেওঁ নিজৰ লাখ লাখ অনুৰাগীক তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনায়।

Apply Now

অভিযুক্তও ফ্ৰেংকৰ অনুৰাগী হৈ পৰিছিল

ইনষ্টাগ্ৰামকে ধৰি ফ্ৰেংকৰ সকলো ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰাৰ পিছত নিমিষতে ভাইৰেল হৈ পৰে। ঠিক যেনেকৈ তেওঁৰ প্ৰতিটো আদালতৰ বিচাৰ প্ৰক্ৰিয়া ভাইৰেল হৈ পৰিছে। ছচিয়েল মিডিয়াত বিভিন্ন ভিডিঅ’ আৰু চুটি ভিডিঅ’ত ফ্ৰেংক কেপ্ৰিঅ’ৰ আদালতৰ বিচাৰ প্ৰক্ৰিয়া দেখা নোপোৱা লোক কমেইহে আছে। তেওঁৰ নাম নজনাসকলেও তেওঁৰ মুখখন চাই ক’ব পাৰে যে তেওঁ সেইজন ন্যায়াধীশ যাৰ মানৱতা আইনী প্ৰক্ৰিয়াতো আদালতৰ কক্ষত দেখা যায়। অভিযুক্তজনো ফ্ৰেংকৰ অনুৰাগী হৈ পৰিছিল।

মৃত্যুৰ কেইঘণ্টামান আগতে শেষৰ ভিডিঅ‘টো

মৃত্যুৰ কেইঘণ্টামান পূৰ্বে কেপ্ৰিঅ’ই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত তেওঁ অনুৰাগীসকলক পুনৰ তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কয়। ভিডিঅ’টোত ন্যায়াধীশ কেপ্ৰিঅ’ই কোৱা শুনা যায় যে, ‘যোৱা বছৰ মই আপোনালোকৰ পৰা প্ৰাৰ্থনা বিচাৰিছিলো। আপোনালোকৰ প্ৰাৰ্থনাৰ বাবেই মই কঠিন সময়ৰ পৰা ওলাই আহিব পাৰিলোঁ। দুৰ্ভাগ্যজনকভাৱে এইবাৰ মই আকৌ বিপদত পৰিছো। মই হস্পিতালত ভৰ্তি হৈ আছো। গতিকে মই আকৌ এবাৰ আপোনালোকৰ প্ৰাৰ্থনা বিচাৰিছো।’

তেওঁ লগতে কয়, ‘মই প্ৰাৰ্থনাৰ শক্তিত বিশ্বাস কৰোঁ। ঈশ্বৰে আমাৰ ওপৰত চকু ৰাখিছে। গতিকে অনুগ্ৰহ কৰি মোক আপোনালোকৰ প্ৰাৰ্থনাত মনত ৰাখিব।’ ভিডিঅ’টোৰ কেপচনত তেওঁ লিখিছে, ‘এই কঠিন যুঁজখন অব্যাহত ৰাখিছো। আপোনালোকৰ প্ৰাৰ্থনাই মোৰ মনোবল বৃদ্ধি কৰিব।’

পৰিয়ালৰ আৱেগিক বিবৃতি

বুধবাৰে কেপ্ৰিঅ’ৰ পৰিয়ালে ইনষ্টাগ্ৰাম যোগে তেওঁৰ মৃত্যুৰ খবৰ ঘোষণা কৰে। বিবৃতিটোত কোৱা হৈছে, দীৰ্ঘদিনীয়া আৰু সাহসী যুঁজৰ অন্তত শান্তিপূৰ্ণভাৱে মৃত্যু হয় ফ্ৰেংক কেপ্ৰিঅ’ই। তেওঁৰ মমতা, নম্ৰতা আৰু মানৱতাৰ প্ৰতি অটল বিশ্বাসেৰে লাখ লাখ মানুহৰ হৃদয় চুই গৈছিল। তেওঁ কেৱল এজন বিচাৰকেই নহয়, এজন আদৰ্শ স্বামী, পিতৃ, ককা, আজোককা আৰু প্ৰিয় বন্ধুও আছিল। তেওঁ অগণন মানুহক ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

কোন আছিল ফ্ৰেংক কেপ্ৰিঅ’?

ফ্ৰেংক কেপ্ৰিঅ’ আমেৰিকাৰ ৰোড আইলেণ্ডৰ প্ৰভিডেন্স পৌৰ আদালতৰ ন্যায়াধীশ আছিল। জনপ্ৰিয় শ্ব’ ‘কেট ইন প্ৰভিডেন্স’ এই আদালতৰ নামত সৃষ্টি কৰা হৈছিল, যিয়ে এমি বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছিল। তেওঁৰ আদালতৰ ৰায়দানৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। মানুহে এতিয়াও সেইবোৰ চায়। সাধাৰণ মানুহক ন্যায় প্ৰদান কৰা সৰল আৰু পোনপটীয়া বিচাৰ, হাস্যৰসৰ সৈতে মিহলি আচৰণ সকলোবোৰেই অভিযুক্তকো আপ্লুত কৰিছিল।

কেৱল আদালতৰ ভিডিঅ’ই নহয়, তেওঁ টিকটক আৰু ইনষ্টাগ্ৰামত ধেমেলীয়া ভিডিঅ’ পোষ্ট কৰিছিল, য’ত কেতিয়াবা ন্যায়াধীশৰ আসনত বহি ভাইৰেল ভিডিঅ’বোৰকেই ৰায়দান কৰিছিল। তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আছিল ৩২ লাখতকৈও অধিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd