গোলকীয় উষ্ণতা বৃদ্ধিৰ অভূতপূৰ্ব প্ৰভাৱ পৰিছে হিমবাহৰ ওপৰত। আই ই ই ই জাৰ্নেল অৱ চেলেক্টেড টপিকছ ইন এপ্লাইড আৰ্থ অবজাৰ্ভেচন এণ্ড ৰিম’ট চেন্সিঙত প্ৰকাশিত এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে সমগ্ৰ এছিয়াৰ হিমবাহসমূহে প্ৰতি বছৰে ২ কোটি ২০ লাখ কিলোগ্ৰামতকৈ অধিক বৰফ হেৰুৱাইছে।
এই গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে সমগ্ৰ দক্ষিণ এছিয়াত বৰষুণ আৰু বৰফ পৰাৰ ঋতুভিত্তিক পৰিৱৰ্তনৰ ফলত হিমবাহৰ গলনাংক ত্বৰান্বিত হৈছে।
উল্লেখ্য যে “তৃতীয় মেৰু” নামেৰে জনাজাত এছিয়াৰ পৰ্বতসমূহে সমগ্ৰ দক্ষিণ আৰু মধ্য এছিয়াৰ ১.৪ বিলিয়নতকৈ অধিক লোকক মিঠা পানী যোগান ধৰে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে, “যদি বাৰিষাৰ সময় আৰু তীব্ৰতা সলনি হৈ থাকে, তেন্তে ই বৰফৰ ক্ষয় ত্বৰান্বিত কৰিব পাৰে আৰু তলৰ লাখ লাখ লোক পানীৰ অভাৱত ভুগিব পাৰে।”
গলি যোৱা হিমবাহে নদীৰ গতিপথ সলনি কৰে আৰু এই অঞ্চলসমূহত বাস কৰা সম্প্ৰদায়সমূহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। ভাৰ্জিনিয়া টেকৰ সহকাৰী অধ্যাপিকা তথা অধ্যয়নটোৰ সহ-লেখিকা চুছানা ৱেৰ্থে কয়, “পাহাৰৰ হিমবাহ পিছুৱাই গৈছে। যাৰ ফলত নদীৰ মূল উৎসসমূহ হিমবাহৰ সলনি বৰষুণৰ উৎসলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে। যাৰ ফলত ভৱিষ্যত প্ৰজন্মই পাহাৰৰ তলৰ অঞ্চলত খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।”
নেপাল আৰু উত্তৰাখণ্ড আৱৰি থকা মধ্য হিমালয়ৰ দক্ষিণ অংশত শীতকালতকৈ গ্ৰীষ্মকালত অধিক হিমবাহ জমা হয়। শীতে এই অঞ্চলত বাৰিষাৰ বৰষুণক কঠিন বৰফলৈ ৰূপান্তৰিত কৰে, যিয়ে হিমবাহ টিকি থকাত সহায় কৰে।
কিন্তু তুষাৰপাত কমিলে বা গলনাংক তীব্ৰ হ’লে হিমবাহবোৰ পিছুৱাই যায়। গোলকীয় উষ্ণতা বৃদ্ধিয়ে বৰষুণ আৰু তুষাৰপাত দুয়োটাৰে ধৰণত ব্যাঘাত জন্মাইছে, বৰফ সঞ্চয়ৰ বতৰ হ্ৰাস কৰিছে আৰু হিমবাহৰ ক্ষতি ক্ষিপ্ৰ কৰি তুলিছে। ত্বৰান্বিত গলনাংকৰ ফলত হিমবাহৰ বিস্ফোৰণ আৰু নদীৰ পানীৰ ঘনত্ব অধিক হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, যাৰ ফলত তীব্ৰ বানপানীৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা বিশ্বৰ উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বিশেষজ্ঞসকলে কৈছে যে ভাৰত আৰু অন্যান্য ৰাষ্ট্ৰসমূহে বিশ্বৰ উষ্ণতা প্ৰাক-ঔদ্যোগিক স্তৰৰ তললৈ নমাই আনিবলৈ নিজৰ জলবায়ুৰ উন্নত কৰাৰ ক্ষেত্ৰত কাম কৰি যাব লাগিব।
এই তথ্যসমূহে স্পষ্ট কৰি দিছে যে মধ্য হিমালয়, পশ্চিম হিমালয়, আৰু পূব হিমালয়ৰ দৰে দক্ষিণ এছিয়াৰ বাৰিষাৰ আধিপত্য থকা হিমবাহসমূহ বিশেষভাৱে দুৰ্বল। সেয়েহে, চৰকাৰ আৰু নাগৰিকক সতৰ্ক কৰি দিছে বিশেষজ্ঞ সকলে।