Asia’s largest railway station: নতুন ৰূপত পুনৰ মুকলি হ’ল বেইজিঙৰ এছিয়াৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচনটো

Asia’s largest railway station বেইজিঙৰ আটাইতকৈ পুৰণি ৰে’ল ষ্টেচনটোৱে একবিংশ শতিকাৰ নতুন ৰূপ লাভ কৰিছে। চিএনএনৰ এক প্ৰতিবেদনত এইকথা সদৰী কৰা হৈছে।

এছিয়াৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচন বুলি জনাজাত ফেংটাই ৰেল ষ্টেচনটো বহু বছৰজোৰা নৱীকৰণৰ কাম সম্পূৰ্ণ কৰি যোৱা ২০ জুনত পুনৰ মুকলি কৰা হৈছে।

১৮৯৫ চনত নিৰ্মিত ষ্টেচনটোত ৪,০০,০০০ বৰ্গ মিটাৰ জুৰি ৩২টা ৰে’ল প্লেটফৰ্মৰ লগতে প্ৰস্থান লাউঞ্জ, খোৱাৰ স্থান আৰু বিভিন্ন সুবিধা উপলব্ধ আছে।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

দিনৰ অতি ব্যস্ত সময়খিনিত ষ্টেচনটোৱে ইয়াৰ চাবৱে ট্ৰেইনৰ উপৰিও বুলেট ট্ৰেইন তথা সাধাৰণ ট্ৰেইনৰ জৰিয়তে প্ৰতি ঘণ্টাত ১৪ হাজাৰ যাত্ৰী মোকাবিলা কৰে।

উন্নয়ন প্ৰকল্পটোৰ মুখ্য অভিযন্তা মা হুইয়ে চৰকাৰী বাতৰি কাকত চাইনা ডেইলীক কয়, “দ্বৈত স্তৰৰ গজৰ ডিজাইন? যাৰ ওপৰেৰে বুলেট ট্ৰেইন চলি আছে আৰু তলেৰে নিয়মীয়া গতিৰ ৰে’লবোৰ চলিছে? ই যথেষ্ট ঠাই ৰাহি কৰে।”

“অনন্য ডিজাইনে পৰম্পৰাগত ৰে’ল ষ্টেচনটোৰ বিন্যাস সলনি কৰিছে। ৰে’ল ষ্টেচন এটাৰ কাম-কাজ পৰিচালনা কৰাৰ ই এক উদ্ভাৱনীমূলক উপায়,”-তেওঁ লগতে কয়।

লগতে পঢ়ক: Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

এই বিশেষ বিকল্পবোৰৰ ভিতৰত এটা হৈছে ছাদত থকা ফটোভল্টেইক শক্তি কেন্দ্ৰ যিয়ে নিৰ্মাণৰ কামৰ বাবে শক্তি উৎপন্ন কৰে।

মূল ফেং চুই ষ্টেচনটো ২০১০ চনত বন্ধ কৰা হৈছিল।