বেয়া চলিছে আদানিৰ দিন! শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ, তদন্তৰ দাবী

আদানিৰ বিৰুদ্ধে শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগে বজাৰত ধুমুহাৰ সৃষ্টি কৰিছে। আদানি গোষ্ঠীৰ সংস্থাবোৰৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। যিটো শুকুৰবাৰে চেঞ্চেক্সৰ ৮৭৪ পইণ্ট হ্ৰাসৰ অন্যতম এটা কাৰণ। তাৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে যদি আমেৰিকান বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত প্ৰকাশিত অভিযোগবোৰ সঁচা প্ৰমাণিত হয়, তেন্তে দেশৰ অৰ্থনীতি পুনৰ নতুনকৈ সংকটৰ সন্মুখনী নহ’বনে?

মোডী চৰকাৰৰ পছন্দৰ উদ্যোগ গোষ্ঠী বুলি কটাক্ষ কৰি বিৰোধী কংগ্ৰেছে  দাবী জনায় যে শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবি আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে সাধাৰণ মানুহৰ স্বাৰ্থত আদানি গোষ্ঠীৰ বিৰুদ্ধে তৎক্ষণাৎ নিৰপেক্ষ তদন্ত আৰম্ভ কৰক।

কংগ্ৰেছে আশংকা ব্যক্ত কৰি দাবী কৰে যে আদানি গোষ্ঠীৰ কোম্পানীত এলআইচিৰ বৃহৎ বিনিয়োগ আছে। ভাৰতীয় ষ্টেট বেঙ্ককে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়কৃত  বেঙ্কত গোষ্ঠীটোৰ ঋণ আছে। ফলস্বৰূপে, যদি আদানিগোষ্ঠীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পালে তেওঁলোকৰ ক্ষতি হ’ব। ইয়াত মানুহৰ ধন জমা আছে। এলআইচি-ৰ বিনিয়োগৰ মূল্য ইতিমধ্যে হ্ৰাস পাইছে। আজিৰ দিনটোত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য ৩.৪৫ শতাংশ হ্ৰাস পাইছে। ভাৰতীয় ষ্টেট বেংক, বেংক অফ বৰোদাকে ধৰি বেঙ্কিং উদ্যোগৰ শ্বেয়াৰো যথেষ্ট হ্ৰাস পাইছে।

কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কয় যে দেশৰ বিত্তীয় ব্যৱস্থা সুস্থিৰ ৰখাটো আৰবিআই আৰু ছেবিৰ কৰ্তব্য। সেয়েহে, তেওঁলোকে অভিযোগবোৰ চোৱা প্ৰয়োজন। এইটো চাব লাগিব যে প্ৰধানমন্ত্ৰীৰ সৈতে আদানিৰ সম্পৰ্কই প্ৰৱঞ্চনাত ইন্ধন যোগাইছে নে অথবা ইয়াক দিয়া-লোৱা স্বাৰ্থৰ খাতিৰত বিত্তীয় সমৰ্থন দিয়া হৈছে সেয়াও চাব লাগিব।

হিণ্ডেনবাৰ্গে অভিযোগ কৰিছে যে আদানীয়ে কৃত্ৰিমভাৱে শ্বেয়াৰৰ মূল্য বহুবাৰ বৃদ্ধি কৰি বৃহৎ ষ্টক সম্পদ সৃষ্টি কৰিছে। যোৱা তিনি বছৰত গৌতম আদানিৰ শ্বেয়াৰ সম্পদ ৮০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

আজিৰ দিনটোত আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ বিক্ৰীৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। তেওঁলোকে ৪.৫৫ কোটি শ্বেয়াৰ বিক্ৰীৰ বাবে বজাৰত মেলিছিল। বিক্ৰী হৈছে মাত্ৰ ৪.৭ লাখ। আদানী গোষ্ঠীৰ দাবী যে হিণ্ডেনবাৰ্গে শ্বেয়াৰ বিক্ৰী ব্যৰ্থ কৰিবলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।