পঞ্চায়তৰ প্ৰাৰ্থীৰ যোগ্যতাত প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীৰ যোগ্যতাৰ বিষয়ে সোধক : দেৱব্ৰত শইকীয়া

ভোটাৰ ইমান বুৰ্বক নহয়, তেওঁলোকে নিৰীক্ষণ কৰি থাকে আৰু তাৰ ভিত্তিতে নিৰ্বাচন কৰে : শইকীয়া

Debabrata Saikia press meet

অসম প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অন্যান্যসকল। ২৪ নৱেম্বৰত। ফটো : য়ু বি।

সাংবাদিকৰ প্ৰশ্নৰ এটা চোকা উত্তৰত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি কয় যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ যোগ্যতাক লৈ প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীৰ যোগ্যতাৰ বিষয়ে সোধা উচিত।

“প্ৰাৰ্থীসকলৰ যোগ্যতাক লৈ প্ৰশ্ন কৰাৰ পূৰ্বে সংবাদ মাধ্যমে ভাৰতৰ প্ৰধান মন্ত্ৰীক তেওঁৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন কৰক।” দেৱব্ৰত শইকীয়াই কয়।

উল্লেখযোগ্য যে আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এখন সংবাদমেলত উপস্থিত সাংবাদিকে ‘কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত উঠোৱা প্ৰাৰ্থীয়ে দেশৰ প্ৰধান মন্ত্ৰীৰ নামো নাজানে’ বুলি কৈ ‘অযোগ্য প্ৰাৰ্থীক টিকট দিয়া হৈছে নেকি’ বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ উত্তৰতে বিৰোধী দলপতিজনে দেশৰ প্ৰধান মন্ত্ৰীজনৰ যোগ্যতালৈ আঙুলিয়াই দি এক প্ৰকাৰৰ কটাক্ষ কৰে।

আনহাতে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘কংগ্ৰেছ আৰু আলফা (স্বাঃ)ৰ একেই চৰিত্ৰ’ বুলি কৰা মন্তব্যৰ প্ৰসংগত দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰে, “কংগ্ৰেছ আৰু আলফাই বংশগত ৰাজনীতি অনুসৰণ কৰা বুলি কৈ আলফা (স্বাঃ)ৰ সৈতে দলটোক ৰিজাবলৈ তেওঁ (শৰ্মাই) ক’ত সাহস পালে?”

“কংগ্ৰেছে সদায়ে ইয়াৰ কৰ্মীসকলৰ সৰ্বসন্মত সিদ্ধান্তক সন্মান কৰি আহিছে। এয়া বংশগত ৰাজনীতি নহয়।” শইকীয়াই কয়।

ইফালে ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি সন্দৰ্ভতো বিৰোধী দলপতিজনে মন্তব্য কৰে। “গেৰুৱা দলটোৱে ইয়াৰ নিজৰ স্বাৰ্থক আগত ৰাখি কাম কৰি আছে। অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থক লৈ তেওঁলোক চিন্তিত নহয়।”

ৰাজ্যখনত পঞ্চায়তীৰাজ ব্যৱস্থাটোক বিজেপিয়ে ধ্বংস কৰি দিলে বুলিও অভিযোগ আনে দেৱব্ৰত শইকীয়াই। “এতিয়া চৰকাৰে পঞ্চায়তলৈ ধন আবণ্টন নিদিয়ে। আমি কোনো উন্নয়ন দেখা নাই। মানুহে এতিয়াও বাঁঙৰ ভগা দলঙেৰেই অহা-যোৱা কৰি আছে। ৰাস্তাত এম্বুলেন্স নচলা বাবে ৰোগীক এতিয়াও বহু ঠাইত বোকোচাত তুলি নিব লগা হৈ আছে। ৰাজ্যখনৰ এই অৱস্থা অতি দুখ লগা।” শইকীয়াই কয়।

বিজেপিয়ে দিয়া দুৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতিও অসাৰ বুলি দাবী কৰে শইকীয়াই। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্ল’গান এতিয়া অসাৰ হ’ল। শইকীয়াৰ মত। তেওঁ ৰাজ্যৰ জনগণে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ অপকৰ্মৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁ দাবী কৰে। “মানুহ ইমান বুৰ্বক নহয়। তেওঁলোকে নিৰীক্ষণ কৰি থাকে আৰু তাৰ ভিত্তিতে নিৰ্বাচন কৰে। এই কথাৰ বিজেপিয়ে প্ৰমাণ পাব।” শইকীয়াৰ মন্তব্য।

আজিৰ সংবাদমেলখনত দলটোৰ এগৰাকী নেত্ৰী ববিতা শৰ্মা, জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকো উপস্থিত আছিল।