NORTHEAST NOW (Assamese)

ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগত অসম বাৰ্তাজিৱী সংঘৰ শোক

November 23, 2020 9:48 pm · মুৰুলী বৰুৱা

ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছৰ বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে।

এটা বিবৃতিত সংঘৰ সভাপতি কেশৱ কলিতা আৰু সাধাৰণ সম্পাদক টুটুমণি ফুকনে কয় যে বৰ্ষীয়ান ৰাজনীতিবিদ গগৈৰ মৃত্যু অসম তথা দেশৰ বাবে বৃহৎ ক্ষতি।

বিবৃতিটোত লগতে কয় যে তেওঁৰ সুস্থ, সুদক্ষ, বলিষ্ঠ নেতৃত্বৰে যোৱা তিনি দশক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক প্ৰভাৱশালী ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰি দেশ আৰু জাতিৰ মংগলৰ হকে অনবদ্য বৰঙনি আগবঢ়াই গৈছে।

তেওঁৰ কৰ্ম আৰু জীৱনাদৰ্শই তেওঁক সদায় জীয়াই ৰাখিব জনসাধাৰণৰ মাজত। আজিৰ এই দুখৰ মুহূৰ্তত পৰিয়ালৰ সৈতে দুখৰ সমভাগী হোৱাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে সংঘই।

উল্লেখ্য যে আজি বিয়লি ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

Related News